নতুন দিল্লী: ভোটাৰ তালিকাৰ Special Intensive Revision বা SIR প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি আৰু বিসংগতিৰ অভিযোগ তুলি তথা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞ্যানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ককৰোচ জনতা পাৰ্টি’য়ে শনিবাৰে যন্তৰ-মন্তৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল। এই কাৰ্যসূচীক কেন্দ্ৰ কৰি সমগ্ৰ ৰাষ্ট্ৰীয় ৰাজধানীৰ কেন্দ্ৰস্থলত দিল্লী আৰক্ষীয়ে গঢ়ি তুলিছে এক অভেদ্য দুৰ্গসদৃশ নিৰাপত্তা ব্যৱস্থা।
প্ৰতিবাদক প্ৰতিহত কৰিবলৈ নতুন দিল্লী জিলাত ব্যাপক নিষেধাজ্ঞা জাৰি কৰাৰ লগতে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। বহু স্থানত লোহাৰ মজবুত বেৰিকেড বহুওৱা হৈছে, আকাশমাৰ্গৰ পৰা পৰিস্থিতি নিৰীক্ষণৰ বাবে ড্ৰোন নিয়োগ কৰা হৈছে আৰু ভুৱা বা উৰাবাতৰি ৰোধৰ অজুহাতত কেইবাটাও স্পৰ্শকাতৰ অঞ্চলত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে।
বিমানৰ ভিতৰতেই আটক চিজেপিৰ তিনি শীৰ্ষ নেতাঃ
আজি পুৱা ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (IGI) বিমানবন্দৰত এক অভূতপূৰ্ব দৃশ্য দেখা যায়। ককৰোচ জনতা পাৰ্টিৰ তিনি শীৰ্ষ পদাধিকাৰী— অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ বিমান দিল্লীত অৱতৰণ কৰাৰ কেইমিনিটমানৰ ভিতৰতে দিল্লী আৰক্ষীয়ে বিমানৰ ভিতৰতে প্ৰৱেশ কৰি তিনিওকে প্ৰতিৰোধমূলকভাৱে আটক কৰে। বিমানৰ পৰা বাহিৰ ওলোৱাৰ পূৰ্বেই এনেদৰে আটক কৰা ঘটনাক লৈ দলীয় কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।
ধ্ৰুৱ ৰাথী, যোগেন্দ্ৰ যাদৱ আৰু আইছা নেতৃবৃন্দক আটকঃ
ইয়াৰ পূৰ্বে পুৱাৰ ভাগত গুৰুগ্ৰামৰ পৰা বিশিষ্ট ইউটিউবাৰ তথা সচেতন কণ্ঠ ধ্ৰুৱ ৰাথীক আৰক্ষীয়ে জিম্মাত লয়। একে সময়তে ৰাজধানীৰ পৰা ককৰোচ জনতা পাৰ্টিৰ আইনী কোষৰ মুৰব্বী ৰত্না সিংক আটক কৰা হয়।
ইফালে, দিল্লী হাটত এক বিশাল বিক্ষোভ প্ৰদৰ্শনৰ নেতৃত্ব দিয়াৰ সময়তে ‘অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন’ৰ (আইছা) সভানেত্ৰী নেহা বৰা আৰু জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক তথা কৰ্মী যোগেন্দ্ৰ যাদৱকো আৰক্ষীয়ে আটক কৰে। প্ৰতিবাদস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই নেতা-কৰ্মীসকলক আটক কৰি বিভিন্ন আৰক্ষী থানালৈ লৈ যোৱা হয়।
অধিবক্তাসকলৰ পদযাত্ৰা আৰু মুখ্য ন্যায়াধীশৰ হস্তক্ষেপঃ
প্ৰশাসনৰ এই দমনমূলক নীতিৰ মাজতো ৰাজপথলৈ ওলাই আহে শ শ সাধাৰণ নাগৰিক, শিক্ষাৰ্থী আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধি। ফলত আটক কৰা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই শ শলৈ ৰূপান্তৰিত হয়।
উল্লেখযোগ্য যে এই প্ৰতিবাদলৈ সমৰ্থন জনাই বহুসংখ্যক অধিবক্তাই শনিবাৰে পুৱা উচ্চতম ন্যায়ালয় চৌহদৰ পৰা যন্তৰ-মন্তৰলৈ এক সমদল উলিওৱাৰ কথা ঘোষণা কৰিছিল। আৰক্ষীয়ে এই সমদলতো বাধা প্ৰদান কৰি বহু অধিবক্তাক আটক কৰে। অধিবক্তাসকলক কৰায়ত্ত কৰা কাৰ্যত উচ্চতম ন্যায়ালয় বাৰ এছ’চিয়েচনে (SCBA) তীব্ৰ আপত্তি দৰ্শায় আৰু তাৎক্ষণিকভাৱে এই সন্দৰ্ভত ভাৰতৰ মুখ্য ন্যায়াধীশৰ (CJI) দৃষ্টি আকৰ্ষণ কৰে। ফলস্বৰূপে, পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি মুখ্য ন্যায়াধীশে বিষয়টোত হস্তক্ষেপ কৰে।
নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ উত্থাপিত প্ৰশ্ন আৰু প্ৰশাসনৰ কঠোৰ নিয়ন্ত্ৰণে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ সম্প্ৰতি অত্যন্ত উত্তপ্ত কৰি ৰাখিছে।
