September 30, 2026
630100674_18044954768711587_3537795275977229238_n

বিশেষ প্ৰতিবেদনঃ “এখন সন্ত্ৰাসবাদী দেশে মোক এই প্ৰশ্নটো সুধিছে?” — নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত পাকিস্তানী সাংবাদিক এগৰাকীৰ প্ৰশ্নৰ উত্তৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ এই তীৰ্যক আৰু চোকা প্ৰত্যুত্তৰে এতিয়া আন্তৰ্জাতিক ৰাজনীতিত খলকনি তুলিছে।

নিউয়ৰ্কত অনুষ্ঠিত ৮১ সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ (UNGA) অধিৱেশনৰ সমান্তৰালভাৱে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে লাইবেৰিয়া গণৰাজ্যৰ বৈদেশিক মন্ত্ৰী চাৰা বেছ’লো ন্যাণ্টিৰ সৈতে যৌথভাৱে ‘জাহাজ আৰু নাৱিকৰ সুৰক্ষা’ সম্পৰ্কীয় বন্ধু গোটৰ বিষয়ে এখন সংবাদমেল সম্বোধন কৰিছিল।

সংবাদমেল চলাৰ সময়তে এগৰাকী পাকিস্তানী সাংবাদিকে থিয় হৈ জয়শংকৰক আক্ৰমণাত্মক সুৰত প্ৰশ্ন কৰে— “আপোনাৰ চৰকাৰে পাকিস্তানত সন্ত্ৰাসবাদৰ প্ৰচাৰ কেতিয়া বন্ধ কৰিব?”

প্ৰশ্নটো শুনিয়েই মুখত এক তীৰ্যক হাঁহি লৈ বৈদেশিক মন্ত্ৰী জয়শংকৰে মুহূৰ্তৰ ভিতৰতে ওলোটাই প্ৰশ্ন কৰি কয়— “এখন সন্ত্ৰাসবাদী দেশে মোক এই প্ৰশ্নটো সুধিছে?”

জয়শংকৰৰ এই এক শাৰীৰ উত্তৰতে স্তম্ভিত হৈ পৰে পাকিস্তানী সাংবাদিকগৰাকী। তেওঁ সংবাদমেলত চিঞৰ-বাখৰ কৰিবলৈ চেষ্টা কৰাৰ সময়তে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি হৰিশ পাৰ্বতানেনীয়ে থিয় হৈ কয়— “আপুনি আপোনাৰ উত্তৰ পাই গৈছে। আপুনি আপোনাৰ উত্তৰ অতি স্পষ্টকৈ আৰু ভালকৈ শুনিবলৈ পাইছে।”

ভাৰতীয় সাংবাদিকৰ প্ৰশ্ন এৰাই পলায়ন পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ

এই ঘটনাৰ ঠিক এদিন পূৰ্বে ৰাষ্ট্ৰসংঘৰ চৌহদত সংঘটিত হৈছিল আন এক দৃশ্য। সাধাৰণ পৰিষদৰ বৈঠকত প্ৰৱেশ কৰাৰ সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক আগুৰি ধৰিছিল এজন ভাৰতীয় সাংবাদিকে। ভাৰতীয় সাংবাদিকগৰাকীয়ে পোনপটীয়াকৈ প্ৰশ্ন কৰিছিল— “প্ৰধানমন্ত্ৰী, আপুনি কেতিয়া সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া বন্ধ কৰিব? লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছাইদৰ বিৰুদ্ধে কেতিয়া গোচৰ চলাব?”

ড° জয়শংকৰৰ নিৰ্ভীক আৰু তীৰ্যক প্ৰত্যুত্তৰৰ বিপৰীতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফে কিন্তু ভাৰতীয় সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ সাহসে নকৰিলে। প্ৰশ্নৰ কোনো উত্তৰ নিদিয়াকৈয়ে শ্বৰীফে খৰখেদাকৈ খোজ দি আঁতৰি যায়।

ৰাষ্ট্ৰসংঘৰ চৌহদৰ পৰা ওলাই অহাৰ সময়তো সাংবাদিকজনে পুনৰ একেই প্ৰশ্ন উত্থাপন কৰি সুধিছিল— “আপুনি কেতিয়া লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছাইদৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব?” কিন্তু এইবাৰো পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়াৰ পৰা বিৰত থাকে আৰু বিমোৰত পৰি চকু-মুখ ঢাকি আগবাঢ়ি যায়।

উৎস অনুসৰি, পাকিস্তানস্থিত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন ‘লস্কৰ-ই-তৈবা’ৰ প্ৰতিষ্ঠাপক তথা ২৬/১১ মুম্বাই আক্ৰমণৰ মূল মাষ্টাৰমাইণ্ড হাফিজ ছাইদ ভাৰতৰ আটাইতকৈ বিচাৰ্য (Most Wanted) সন্ত্ৰাসবাদীসকলৰ অন্যতম। ৰাষ্ট্ৰসংঘই ইতিমধ্যে তেওঁক আন্তৰ্জাতিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে আৰু আমেৰিকা চৰকাৰে হাফিজ ছাইদৰ মূৰৰ দাম ১ কোটি আমেৰিকান ডলাৰ ধাৰ্য কৰি থৈছে। এনে এজন ভয়াৱহ সন্ত্ৰাসবাদীক নিজৰ মাটিত আশ্ৰয় দি ৰখাৰ বিষয়ত পাকিস্তান যে বিশ্বমঞ্চত থিয় হ’বলৈ অপাৰগ, সেয়া প্ৰধানমন্ত্ৰী শ্বৰীফৰ পলায়নবাদী মনোভাৱতে পুনৰ স্পষ্ট হৈ পৰিল।

“ৰাষ্ট্ৰসংঘত নাটক কৰি ঋণ পৰিশোধ কৰিব নোৱাৰি”: ভাৰতীয় কূটনীতিবিদৰ চোকা আক্ৰমণ

ইয়াৰ পূৰ্বে বুধবাৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদতো (UNHRC) পাকিস্তানক তীব্ৰ ভৰ্ৎসনা কৰে ভাৰতে। ৰাষ্ট্ৰসংঘত ভাৰতীয় কূটনীতিবিদ ক্ষিতীশ ত্যাগীয়ে পাকিস্তানক আয়না দেখুৱাই কয় যে ইছলামাবাদে আন দেশৰ ভূখণ্ড দখল কৰাৰ দিৱাস্বপ্ন দেখা বা সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ বিয়পোৱাৰ চিন্তা পৰিহাৰ কৰা উচিত।

ক্ষিতীশ ত্যাগীয়ে কয়— “পাকিস্তানে আনৰ ভূখণ্ড দখল কৰা বা সন্ত্ৰাসবাদ বিয়পোৱাতকৈ নিজৰ দেশৰ বিপন্ন জনসাধাৰণৰ উন্নয়ন আৰু ঋণত বুৰ গৈ থকা অৰ্থনীতি চম্ভালাত অধিক মনোনিৱেশ কৰাটো ভাল হ’ব। কিয়নো ৰাষ্ট্ৰসংঘৰ মঞ্চত নাটক প্ৰদৰ্শন কৰি পাকিস্তানে নিজৰ মূৰৰ উপৰত থকা বিশাল ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰে।”

বিশ্বৰ সৰ্বোচ্চ কূটনৈতিক মঞ্চত ভাৰতীয় কূটনীতিবিদসকলৰ এনে আক্ৰমণাত্মক আৰু স্পষ্টবাদী স্থিতিয়ে বৰ্তমান পাকিস্তানক আন্তৰ্জাতিক সম্প্ৰদায়ৰ সন্মুখত পুনৰবাৰ কোণঠাঁচা কৰি পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *