শ্বিলংঃ মেঘালয়ত অপাৰেচন কমল চলিব বুলি জল্পনা-কল্পনা অব্যাহত আছিল। জল্পনা-কল্পনা আজি সত্যত পৰিণত হ’ল। এনপিপি দলৰ সৈতে মেঘালয়ত চৰকাৰ চলাই থকা ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টি চমুকৈ ইউডিপিৰ তিনিগৰাকী ৮ বিধায়কে আজি বিজেপিত যোগদান কৰে। ইয়াৰ ফলত ৬০ আসনবিশিষ্ট মেঘালয় বিধানসভাত বিজেপি বিধায়কৰ সংখ্যা ২ৰ পৰা ১০লৈ বৃদ্ধি পাইছে। আনহাতে, ইউডিপিৰ বিধায়ক সংখ্যা ১২ৰ পৰা ৪লৈ হ্ৰাস পাইছে। ইপিনে কিৰমেন শ্বিলা, অলান সিং ছুইন আৰু মেথিউ বিয়ণ্ডষ্টাৰ কুৰবাহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নিলম্বন কৰাৰ কথা ঘোষণা কৰে ইউডিপিৰ নেতৃত্বই।
ইউডিপিৰ সভাপতি মেটবাহ লিংডোই সংবাদমেলত কয় যে দলৰ পৰা কিৰমেন শ্বিলা, অলান সিং ছুইন আৰু মেথিউ কুৰবাহলৈ শ্ব’কজ জাননী প্ৰেৰণ কৰা হৈছিল। তেওঁলোকক ৰাজ্যিক সংসদীয় ব’ৰ্ডৰ সন্মুখত উপস্থিত হৈ নিজৰ বক্তব্য দাঙি ধৰাৰ অথবা লিখিতভাৱে উত্তৰ দিয়াৰ সুযোগ দিয়া হৈছিল। কিন্তু নিৰ্ধাৰিত সময়ৰ ভিতৰত তিনিওগৰাকী বিধায়কে কোনো উত্তৰ নিদিলে বুলি ইউডিপিৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে দলটোৱে একমতভাৱে তিনিওগৰাকী বিধায়কক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লিংডোৱে লগতে কয় যে নিলম্বনৰ নিৰ্দেশ ইতিমধ্যে কিৰমেন শ্বিলা, অলান সিং ছুইন আৰু মেথিউ কুৰবাহক আনুষ্ঠানিকভাৱে জনোৱা হৈছে। ২৩ ছেপ্টেম্বৰত নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা ইউডিপিৰ ৮জন বিধায়ক হৈছে লাহমেন ৰিম্বুই, পিউছ মাৰৱেইন, কিৰমেন শ্বিলা, মেথিউ বিয়ণ্ডষ্টাৰ কুৰবাহ, অলান সিং ছুইন, বালাজিয়েড কুপাৰ ছিনৰেম, ছিনশ্বাৰ কুপাৰ ৰয় লিংডোহ থাবাহ আৰু মায়ৰালবৰ্ণ ছিয়েম।
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰাৰ উপস্থিতিত বিধায়ককেইগৰাকীক দলত আদৰণি জনোৱা হয়। ৮জন বিধায়কৰ দলত্যাগৰ পাছত মেঘালয় বিধানসভাত ইউডিপিৰ বিধায়কৰ সংখ্যা ১২ৰ পৰা ৪লৈ হ্ৰাস পাইছে। বিপৰীতে বিজেপিৰ বিধায়কৰ সংখ্যা ২ৰ পৰা ১০লৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত ৬০ আসনবিশিষ্ট বিধানসভাত বিজেপি দ্বিতীয় বৃহৎ দল হিচাপে পৰিগণিত হৈছে। এই ৰাজনৈতিক পৰিৱৰ্তনে মেঘালয়ৰ বিধানসভাৰ দলীয় সমীকৰণতো পৰিৱৰ্তন আনিছে। ইউডিপি আৰু বিজেপি দুয়োটা বৰ্তমান মুখ্যমন্ত্ৰী কনৰাড কে ছাংমাৰ নেতৃত্বাধীন মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ অংশীদাৰ। ইউফডিপি সভাপতি মেটবাহ লিংডোৱে কয় যে দলটোৱে আগন্তুক সময়ত কেনেদৰে আগবাঢ়িব, সেই সন্দৰ্ভত পৃথকে সিদ্ধান্ত ঘোষণা কৰা হ’ব। ইফালে BJPত যোগদান কৰা বিধায়কসকলে মেঘালয়ৰ বিভিন্ন বিষয় বিশেষকৈ খাছি ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা, কয়লা খননৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা শিথিল কৰা আৰু Meghalaya Residents Safety and Security Act সম্পৰ্কীয় দাবীৰ কথা উল্লেখ কৰিছে।