September 30, 2026
825329970_1814946652995261_8341154388129182629_n

আজি ৰাজ্যৰ চাৰিটাকৈ বামপন্থী দলৰ এটা ৮জনীয়া প্ৰতিনিধি দলে আজি ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্যক সাক্ষাৎ কৰি কেইবাদফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ তিনিটা প্ৰধান বামপন্থী দল চিপিআইএম, চিপিআই আৰু চিপিআইএম-এলৰ আঠজনীয়া প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি উজনি অসমৰ প্ৰলয়ংকৰী বানৰ বিভীষিকা আৰু বৰ্তমান পৰিস্থিতি সন্দৰ্ভত এখন যৌথ স্মাৰক প্ৰদান কৰে। প্ৰতিনিধি দলটোত আছিল৷ চিপিআইএমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, কেন্দ্ৰীয় সদস্য ইচ্‌ফাকুৰ ৰহমান, ৰাজ্যিক নেতা নয়ন ভূঞা, চিপিআইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, নেতা কৃষ্ণ গগৈ, চিপিআইএম-এলৰ ৰাজ্যিক সম্পাদক বিবেক দাস, ৰাজ্যিক নেতা পংকজ কুমাৰ দাস আৰু বলীন্দ্ৰ কুমাৰ শইকীয়া৷ প্ৰতিনিধি দলটোৱে উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাসমূহ উল্লেখ কৰি ১২ দফীয়া দাবী উত্থাপন কৰে।

ৰাজ্য চৰকাৰে ঘোষণা কৰা সামান্য সাহায্যকণৰ পৰা বহু পৰিয়াল এতিয়াও বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰে কৰি প্ৰতিনিধি দলটোৱে কয় যে উজনি অসমৰ সাম্প্ৰতিক বানক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা আৰু বান-বিধ্বস্ত ৰাইজক পৰ্যাপ্ত সাহায্য প্ৰদান কৰা হওক৷ বানে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ক্ষেত্ৰত অবৈধ খনন তথা প্ৰকৃতি ধ্বংসৰ মানৱ-সৃষ্ট কাৰণসমূহৰ ন্যায়িক তদন্ত কৰা, দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি দিয়া, বানে শিল-বোকা-বালিৰে কেইবাফুট গভীৰলৈ পুতি পেলোৱা কৃষিভূমি ততালিকে উদ্ধাৰৰ চৰকাৰী ব্যৱস্থা গ্ৰহণ, বৃহৎ বান্ধৰ ফলত অসমৰ নামনি অঞ্চলত পৰিব পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে বিজ্ঞানসন্মত আৰু পুংখানুপুংখ অধ্যয়ন নকৰাকৈ অৰুণাচল প্ৰদেশ আৰু দাঁতিকাষৰীয়া অঞ্চলত নিৰ্মীয়মান অথবা প্ৰস্তাৱিত নদীবান্ধৰ নিৰ্মাণ কাৰ্য স্থগিত ৰখা। তদুপৰি অন্যান্য দাবীৰ লগতে বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ১০ লাখ টকা আৰু মৃতকৰ পৰিয়ালক ২৫ লাখ টকাকৈ ক্ষতিপূৰণ আদায়, বানত ধ্বংস হোৱা বাসগৃহ নিৰ্মাণ আদি দাবী উত্থাপন কৰা হয়। বাওঁ দলসমূহৰ হৈ সুপ্ৰকাশ তালুকদাৰে ৰাজ্যপালক দাবী সমূহৰ যুক্তিযুক্ততা ব্যাখ্যা কৰে। ৰাজ্যপালে দাবীসমূহ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক অচিৰেই অৱগত কৰিব আৰু যথোচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে জনাবলৈ দিয়া প্ৰতিনিধি দলটোক।

Leave a Reply

Your email address will not be published. Required fields are marked *