নেতাজি আৰু স্বাধীনতা সংগ্ৰামৰ দিনৰ পৰাই জাতীয় জীৱনৰ সৈতে জৰিত ‘বন্দে মাতৰম’ গীতটোক লৈ সৃষ্টি হোৱা বিতৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ আটাইকেইটা স্তৱক (অন্তৰা) নোগোৱাৰ বাবে শাস্তিৰ ব্যৱস্থা সংক্ৰান্তীয় বিষয়ত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ধাৰ্মিক কাৰণ বা বিবেকৰ দোহাই দি কোনো ব্যক্তিয়ে যদি এই গীত নাগায়, তেন্তে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ফৌজদাৰী বা অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰি। লাইভ ল’ৰ এক প্ৰতিবেদন অনুসৰি, কৰ্ণাটকৰ প্ৰখ্যাত সংগীতজ্ঞ টি এম কৃষ্ণাই দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে শীৰ্ষ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ প্ৰেক্ষণ প্ৰকাশ কৰে।
আবেদনকাৰীৰ যুক্তি আৰু আপত্তিঃ
টি এম কৃষ্ণাই ১৯৭১ চনৰ ‘প্ৰিভেনচন অৱ ইনচাল্টছ টু নেচনেল অনাৰ এক্ট’ত ২০২৬ চনত কৰা সংশোধনীৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাইছিল। এই সংশোধনীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ নোগোৱাটোকো অপৰাধ তথা শাস্তিৰ আওতালৈ অনা হৈছিল। ইয়াৰ উপৰি গৃহ মন্ত্ৰ্যালয়ে অফিচিয়েল বা চৰকাৰী কাৰ্যসূচীত বন্দে মাতৰমৰ আটাইকেইটা (ছয়োটা) স্তৱক গোৱাটো বাধ্যতামূলক কৰি জাৰি কৰা নিৰ্দেশনাকো এই আবেদন যোগে প্ৰত্যাহ্বান জনোৱা হৈছে।
কৃষ্ণাৰ অধিবক্তা জ্যেষ্ঠ অধিবক্তা ড০ এছ মুৰলীধৰণে বিচাৰপীঠৰ সমুখত যুক্তি দৰ্শায় যে সংশোধনীটোত ‘ৰাষ্ট্ৰীয় গীত’ৰ কোনো স্পষ্ট সংজ্ঞা দিয়া হোৱা নাই৷ যিয়ে আইনৰ অপব্যৱহাৰৰ পথ মুকলি কৰিব পাৰে। লগতে গৃহ মন্ত্ৰ্যালয়ৰ এই অফিচ মেম’ৰাণ্ডামখন গেজেটত প্ৰকাশ কৰা হোৱা নাই আৰু কোনো ৰাষ্ট্ৰীয় সন্মতি নোলোৱাকৈ অতি খৰখেদাকৈ পূৰ্বৰ পৰম্পৰাগত নিয়ম সলনি কৰা হৈছে। পৰম্পৰাগতভাৱে ‘বন্দে মাতৰম’ৰ প্ৰথম দুটা স্তৱকহে ব্যৱহাৰ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে।
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্তৰ সোঁৱৰণিঃ
মুখ্য ন্যায়ধীশ সূৰ্য কান্ত, ন্যায়মূৰ্তি জয়মাল্য বাগচী আৰু ন্যায়মূৰ্তি ভি মোহনাক লৈ গঠিত বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে। শুনানিকালত সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ১৯৮৬ চনৰ ঐতিহাসিক ‘বিজো এমানুৱেল’ গোচৰৰ সিদ্ধান্তৰ কথা সোঁৱৰাই দিয়ে৷ য’ত ধাৰ্মিক বিশ্বাসৰ বাবে ৰাষ্ট্ৰীয় সংগীত নোগোৱাৰ ব্যক্তিস্বাধীনতাক ন্যায়ালয়ে স্বীকৃতি দিছিল। ন্যায়ালয়ে কয় যে যে ‘ৰাষ্ট্ৰীয় গীত’ কি হ’ব সেয়া নিৰ্ধাৰণ কৰাটো ন্যায়ালয়ৰ এখতিয়াৰৰ ভিতৰত নপৰে। এক গণতান্ত্ৰিক চৰকাৰে ৰাষ্ট্ৰীয় গীতৰ দুটা বা চাৰিটা স্তৱক থকা কোনো সংস্কৰণ চৰকাৰীভাৱে ব্যৱহাৰ কৰিবলৈ নিৰ্ধাৰণ কৰিব পাৰে।
কিন্তু সংবিধানৰ ২৫ আৰু ২৬ নং অনুচ্ছেদ অনুসৰি ধাৰ্মিক স্বাধীনতা আৰু স্ব-বিৱেকৰ অধিকাৰ ব্যৱহাৰ কৰি কোনো ব্যক্তিয়ে যদি গীতটোৰ অংশবিশেষ বা সমগ্ৰ গীতটো গোৱাৰ পৰা বিৰত থাকে, তেন্তে তেওঁৰ বিৰুদ্ধে চৰকাৰে অপৰাধমূলক গোচৰ চলাব নোৱাৰিব। ন্যায়ালয়ে আশা প্ৰকাশ কৰে যে ‘বিজো এমানুৱেল’ গোচৰৰ আইন নিয়মীয়াকৈ পালন কৰা হ’ব।
শুনানিত উত্তপ্ত বাক্যবাণঃ
শুনানিকালত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু আবেদনকাৰীৰ অধিবক্তা ড০ এছ মুৰলীধৰণৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক হয়। ছলিচিটৰ জেনেৰেল মেহতাই মন্তব্য কৰে যে আইন প্ৰণয়ন কোনো নক্সালপন্থীৰ চিন্তা-চৰ্চা অনুসৰি হ’ব নোৱাৰে। মুৰলীধৰণে এই মন্তব্যত তীব্ৰ আপত্তি দৰ্শাই শব্দ ঘূৰাই ল’বলৈ দাবী জনায় যদিও ছলিচিটৰ জেনেৰেলে নিজৰ মন্তব্যত অটল থাকে। অৱশ্যে বিচাৰপীঠে জনায় যে ন্যায়ালয়ে এনে ব্যক্তিগত বাক-যুদ্ধক গুৰুত্ব প্ৰদান নকৰে। ছলিচিটৰ জেনেৰেলে বিষয়টো উত্তপ্ত নকৰিবলৈ জাননী জাৰি নকৰিবলৈ অনুৰোধ জনায়। ইয়াৰ প্ৰত্যুত্তৰত ন্যায়মূৰ্তি বাগচীয়ে কয় যে বিচাৰপীঠে জাননী জাৰি কৰিব বিচৰা নাই৷ কাৰণ ‘বিজো এমানুৱেল’ গোচৰত স্থান পোৱা আইনখন এতিয়াও দেশত বহাল আছে আৰু সি ইয়াতো সমানে প্ৰযোজ্য হ’ব।