গুৱাহাটীঃ বিশ্বৰ ২৩ খন দেশ ভ্ৰমণ নকৰিব। বিপদজ্জনক বিশ্বৰ ২৩ খন দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। Level 4: Do Not Travelত তালিকাভুক্ত কৰা হৈছে এই ২৩ খন দেশক। বিদেশ ভ্ৰমণৰ তালিকাৰ পৰা এই ২৩ খন দেশক বৰ্জন কৰাৰ আহ্বান। ভ্ৰমণৰ বাবে অনুপযুক্ত দেশৰ তালিকাত ৰখা হৈছে এই ২৩ খন দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰালয়ৰ অধীনস্থ ‘ব্যুৰো অফ কনছুলাৰ এফেয়াৰ্ছে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত সতৰ্কতা জাৰি কৰিছে। নাগৰিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰালয়ে। মন্ত্ৰালয়ে কৈছে যে, এই দেশসমূহৰ আইন-শৃংখলা পৰিস্থিতি সংকটজনক আৰু তাত বিপদৰ সন্মুখীন হোৱা আমেৰিকান নাগৰিকসকলক জৰুৰীকালীন সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ সীমিত সামৰ্থ্য আছে।
আমেৰিকাৰ ভ্ৰমণ নিৰ্দেশনা অনুসৰি সংশ্লিষ্ট দেশসমূহ বিপদজনক আৰু যিকোনো কাৰণতেই তাত ভ্ৰমণ কৰাৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকা উচিত। স্থানীয় পৰিস্থিতি আৰু চৰকাৰৰ সীমিত সহায়ৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকান নাগৰিকসকলক সেই দেশসমূহত ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। এই ২৩ খন দেশ হৈছেঃ আফগানিস্তান, বেলাৰুছ, বুৰকিনা ফাছো, ম্যানমাৰ/বাৰ্মা, চাড, হাইটি, ইৰান, ইৰাক, লেবানন, লিবিয়া, মালি, নাইজাৰ, মধ্য আফ্ৰিকান ৰিপাব্লিক, Democratic Republic of the Congo, উত্তৰ কোৰিয়া, ৰাছিয়া, চোমালিয়া, দক্ষিণ ছুদান, ছুদান, ছিৰিয়া, উগাণ্ডা, ইউক্ৰেইন, ইয়েমেন, কিউবা, ফ্ৰান্স, ইটালী, মেক্সিকো, ব্ৰিটেইন, কলম্বিয়া, ইজৰাইল, কাটাৰ। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে, এই ২৩ খন দেশ ভ্ৰমণৰ পৰিণতি অতি মাৰাত্মক হ’ব পাৰে।
এই ২৩ খন দেশলৈ যাত্ৰা কৰাটো সুৰক্ষিত নহয়। আমেৰিকাৰ নাগৰিকে সেই ঠাইবোৰলৈ যোৱাৰ পৰা বিৰত থকা উচিত বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বেও আমেৰিকাৰ নাগৰিকসকলক ভ্ৰমণৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। কিউবা, ডমিনিকান ৰিপাব্লিক, ফ্ৰান্স, গ্ৰীণলেণ্ড, ইটালী, মেক্সিকো আৰু ব্ৰিটেইনৰ ক্ষেত্ৰত এই পৰামৰ্শ প্ৰযোজ্য আছিল। জালিস্কো আৰু বাজা কেলিফৰ্ণিয়া ভ্ৰমণৰ ক্ষেত্ৰত নাগৰিকসকলক পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বাহৰেইন, কলম্বিয়া, হণ্ডুৰাছ, ইজৰাইল, নিকাৰাগুয়া আৰু কাটাৰ ভ্ৰমণৰ পৰিকল্পনা কৰাৰ পূৰ্বে ৱেবছাইট পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হৈছে। মন কৰিবলগীয়া যে আমেৰিকা-ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ভ্ৰমণ নিৰ্দেশাৱলী সংশোধন কৰিছিল। তাৰ পিছতো আমেৰিকাৰ তৰফৰ পৰা এতিয়া ২৩ খন দেশৰ তালিকা প্ৰকাশ কৰা ঘটনাই বিশ্বৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।
