গুৱাহাটীঃ সৌৰজগতৰ শেষ প্ৰান্তত আছে বৃহৎ জলাশয়। এই জলাশয় পৃথিৱীত থকা পানীতকৈও বহু বৃহৎ। শেহতীয়াকৈ নাছাৰ জ্যোতিৰ্বিজ্ঞানী লিণ্ডচে কেলাৰে কয় যে পৃথিৱীৰ বাহিৰেও সৌৰজগতত পানীৰ অৱস্থিতি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে, পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ৭১ শতাংশই পানী। কিন্তু পৃথিৱীৰ বাহিৰত ইমান পানী অৱস্থিতি কোনোও ভাবিব পৰা নাছিল। নতুনকৈ লাভ কৰা পানীৰ সন্ধান পৃথিৱীত থকাতকৈ বহুগুণ বেছি। নাছাৰ বিজ্ঞানীসকলৰ অধ্যয়নত প্ৰকাশ পাইছে, যে এই পানী আমি সচৰাসচৰ ব্যৱহৃত পৃথিৱীৰ পানীতকৈ বহু পৃথক। এই গধুৰ। এই খিনিতে মন কৰিবলগীয়া কথাটো হলঃ পানী মূলতঃ হাইড্ৰজেন আৰু অক্সিজেন পৰমাণুৰে গঠিত। ৰসায়ন বিজ্ঞানে কয়, যে অক্সিজেন পৰমাণুৰ আইচটপ তিনি প্ৰকাৰৰ। আইছ’ট’প হৈছে একেটা মৌলৰ বিভিন্ন পৰমাণু, যিবোৰৰ প্ৰ’টনৰ সংখ্যা একে, কিন্তু নিউট্ৰন সংখ্যা বেলেগ বেলেগ। অক্সিজেনৰ আইছ’ট’প হ’ল অক্সিজেন-১৬, অক্সিজেন-১৭ আৰু অক্সিজেন-১৮। পৃথিৱীত পোৱা পানীত অক্সিজেন-16ৰ পৰিমাণ বেছি। কিন্তু সৌৰজগতৰ শেষ প্ৰান্তত লাভ কৰা পানীত অক্সিজেনৰ আন দুটা আইছ’ট’প অৰ্থাত অক্সিজেন-১৭ আৰু অক্সিজেন-১৮ৰ পৰিমাণ বহু বেছি।
এই অধ্যয়নৰ সৈতে জড়িত জ্যোতিৰ্বিজ্ঞানী লিণ্ডচে কেলাৰে কয় যে, শনি, বৃহস্পতি আদি গ্ৰহৰ কক্ষপথৰ বাহিৰত গধুৰ পানীৰ বৃহৎ জলাশয়ৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে। এতিয়া প্ৰশ্ন হয়, এই পানী ক’ৰ পৰা আহিল? লগতে পৃথিৱীৰ পানীতকৈ এই পানীৰ প্ৰকৃতি কিয় পৃথক? নাছাৰ জনছন স্পেচ চেণ্টাৰত জ্যোতিৰ্বিজ্ঞানী লিণ্ডচে কেলাৰ আৰু তেওঁৰ সহযোগীসকলে ‘ছায়েন্স এডভান্সেছ’ নামৰ আলোচনীখনত প্ৰকাশ কৰা অধ্যয়নটোত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়া হৈছিল। এই কণাবোৰৰ উৎপত্তি কুইপাৰ বেল্টত হোৱা বুলি উল্লেখ কৰা হৈছে। কুইপাৰ বেল্ট হৈছে নেপচুন কক্ষপথৰ বাহিৰত প্ৰায় ৩০ জ্যোতিৰ্বিজ্ঞান একক দূৰত অৱস্থিত এক ঠাণ্ডা আৰু অন্ধকাৰ অঞ্চল। ইয়াত বৰফ আৰু শিলৰ টুকুৰা আছে, য’ত বৃহৎ পৰিমাণৰ পানী আছে বুলি আশংকা কৰা হৈছে। তাতপৰ্যপূৰ্ণ কথাটো হলঃ কুইপাৰ বেল্টত উপনীত হোৱাটো অতি কঠিন। তাৰ ওচৰ পাবলৈ কেইবাবছৰ সময় লাগে। আনকি যন্ত্ৰৰ সহায়েৰে কুইপাৰ বেল্টৰ পৰা নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ অনাটোও ইমানেই কঠিন আৰু ব্যয়বহুল যে এই পৰ্যন্ত ইয়াক অসম্ভৱ বুলি গণ্য কৰা হৈছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে প্ৰতি বছৰে প্ৰায় ৫,২০০ মেট্ৰিক টন মহাজাগতিক ধূলি পৃথিৱীত পৰে। এনেধৰণৰ বহু ধূলিকণা পৃথিৱীৰ ষ্ট্ৰেট’স্ফিয়াৰৰ পৰা উচ্চ উচ্চতাত উৰিব পৰা যন্ত্ৰৰ সহায়ত সংগ্ৰহ কৰা হয়। সংগ্ৰহ কৰা ধুলিৰ পৰা বিজ্ঞানীৰ দলটোৱে ১২টা কণা বাছি লৈছিল। প্ৰতিটো কণিকাৰ আকাৰ মাত্ৰ ১০ৰ পৰা ৩০ মাইক্ৰ’মিটাৰ।
গৱেষকসকলৰ মতে এই ১২টা ধূলিৰ কণা কুইপাৰ বেল্টৰ পৰা আহিছিল। এইখিনিতে প্ৰশ্ন হয়, যদি কুইপাৰ বেল্ট সূৰ্য্যৰ পৰা বহু দূৰত থাকে তেন্তে সেই পানী বৰফলৈ পৰিণত হ’ব লাগিছিল। গৱেষকসকলৰ মতে, সেই অঞ্চলত প্ৰত্যক্ষভাৱে পানী পোৱা নাযায় যদিও সেই পানীৰ অক্সিজেনৰ পৰমাণুবোৰে কণাবোৰ স্পৰ্শ কৰি আছিল। এই ধূলিকণাবোৰত মাটি আৰু অন্যান্য পানীৰে ভৰা পদাৰ্থ পোৱা গৈছে। তৰল পানীয়ে আন খনিজ পদাৰ্থৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি ইয়াৰ গঠন সলনি কৰিলে যি খনিজ পদাৰ্থ গঠন হয়, সেইয়া ধূলিকণাবোৰত পোৱা গৈছে। যদিও বৰ্তমান কুইপাৰ বেল্টত বৰফ জমা হৈ আছে, তথাপিও পূৰ্বতে তেজস্ক্ৰীয় ক্ষয় বা মহাজাগতিক সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা তাপৰ ফলত বৰফৰ টুকুৰাবোৰৰ গলি পানীলৈ পৰিণত হৈছিল। এই পানীৰে ভৰা খনিজ পদাৰ্থবোৰ সেই সময়ত শিলৰ লগত বিক্ৰিয়া কৰি সৃষ্টি হৈছিল। সেই তৰল পানী বহু আগতে শুকাই গ’লেও সেই পানীৰ অক্সিজেন কণাবোৰ খনিজ পদাৰ্থত থাকি গ’ল। গৱেষকসকলে সেইবোৰ বিশ্লেষণ কৰি কৈছে যে, কোটি কোটি বছৰৰ আগতে সূৰ্য্যৰ পৰা বহু দূৰত, মানুহে জনা সৌৰজগতৰ সীমাৰ বাহিৰত গধুৰ অক্সিজেন সমৃদ্ধ পানীৰ বিশাল জলাশয় আছিল। এতিয়ালৈকে মানুহৰ এই বিষয়ে কোনো ধাৰণা নাছিল।
প্ৰায় ৪.৫ বিলিয়ন বছৰ আগতে সৌৰজগত গঠন হোৱাৰ পৰাই এই জলাশয়টো সূৰ্য্যৰ পৰা বহু দূৰত্বত আছিল। গতিকে কোনো ৰাসায়নিক বিক্ৰিয়া নোহোৱাকৈ সম্পূৰ্ণ বিশুদ্ধ অৱস্থাত থাকিল। গৱেষকসকলৰ মতে ইয়াৰ আঁৰত শনি গ্ৰহটোৱে মুখ্য ভূমিকা পালন কৰিছিল। যদিও সৌৰজগতত বৃহস্পতিৰ বিশাল আকাৰৰ বাবে সাধাৰণতে বিশ্বব্ৰহ্মাণ্ডৰ ঢাল বুলি গণ্য কৰা হয়, তথাপিও এই অধ্যয়নত এই ক্ষেত্ৰত শনি গ্ৰহই মূল বাধা আছিল বুলি প্ৰমাণিত হৈছে। শনি আৰু অন্যান্য বৰফৰ গ্ৰহৰ সমন্বিত প্ৰভাৱৰ বাবে কুইপাৰ বেল্টৰ এই আদিম পানী সৌৰজগতৰ আন গ্ৰহৰ পানীৰ লগত মিহলি হোৱা নাই। ফলত এই পানীৰ অক্সিজেন পৰমাণুবোৰে নিজৰ অনন্য গুণ বজাই ৰাখিবলৈ সক্ষম হৈছে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে।
