গুৱাহাটী, ১২ অক্টোবৰঃ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণ আৰু এছআইআৰৰ বিৰুদ্ধে দেশজুৰি বিৰোধী দলসমূহৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এই প্ৰতিবাদৰ বিৰুদ্ধে ৰাজপথলৈ ওলোৱাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে। ৰাহুল গান্ধী, কংগ্ৰেছ আৰু চলিত আন্দোলনৰ বিৰোধিতা কৰি ৰাজ্যৰ প্ৰতিখন জিলা সদৰত প্ৰতিবাদী গণ সমাৱেশৰ আয়োজন কৰিবলৈ ৰাজ্যিক বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিৰোধীৰ প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিবলৈ শাসকীয় দলটোৱে নিজেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হোৱা ঘটনাই ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।
বিগত প্ৰায় এটা পষেক ধৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণ দাবীত বিৰোধী দলসমূহে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ব্লকে এই আন্দোলন তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালভাৱে বাওঁপন্থী ছাত্ৰ সংগঠন আৰু অন্যান্য প্ৰতিবাদী শক্তিয়েও বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ ফলত ৰাজধানী দিল্লীত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে।
বিৰোধীৰ এই আন্দোলনৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীত নেতাকৰ্মীক আটক কৰা, প্ৰতিবাদস্থলীত বাধা আৰোপ কৰা আৰু ৰাজধানীৰ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰাৰ ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছে।
এনে পৰিস্থিতিত বিৰোধীৰ আন্দোলনক ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে অসমত প্ৰতিবাদী গণ সমাৱেশৰ কাৰ্যসূচী ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে। সোমবাৰে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি, ১৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।
মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক লক্ষ্য কৰি অভিযোগ কৰে যে তেওঁলোকে ভাৰতৰ গণতন্ত্ৰৰ ভেটিৰ ওপৰত আক্ৰমণ চলাইছে। তেওঁৰ মতে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ সময়ত ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল যদিও নিজে সাংসদ আৰু বিৰোধী দলপতি হিচাপে নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত একেই প্ৰশ্নৰ অৱতাৰণা নকৰে। অসম আৰু কেৰালাৰ নিৰ্বাচনী ফলাফলৰ প্ৰতি কংগ্ৰেছৰ স্থিতি বেলেগ বুলিও তেওঁ অভিযোগ কৰে।
ইয়াৰ উপৰি, মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে মুখ্য ন্যায়াধীশে বৈঠকৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পাছতো উচ্চতম ন্যায়ালয়লৈ সমদল কৰাৰ জৰিয়তে ৰাহুল গান্ধীয়ে দেশৰ সৰ্বোচ্চ ন্যায়িক প্ৰতিষ্ঠানৰ ওপৰত ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰিব বিচাৰিছে। তেওঁৰ মতে, কোনো ৰাজনৈতিক দলৰ নিৰ্বাচনী অসন্তুষ্টিৰ বাবে সাংবিধানিক প্ৰতিষ্ঠানসমূহক জবাবদিহি কৰিব নোৱাৰি।
বিজেপিৰ প্ৰস্তাৱিত গণ সমাৱেশৰ তিনিটা প্ৰধান বিষয়ৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে সাংবিধানিক প্ৰতিষ্ঠানসমূহক হেঁচা প্ৰয়োগ কৰা, SIR-ৰ বিৰোধিতা কৰি অবৈধ অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া আৰু জনসাধাৰণৰ গণতান্ত্ৰিক ৰায়ৰ প্ৰতি অৱজ্ঞা প্ৰদৰ্শন কৰাৰ অভিযোগসমূহ ৰাইজৰ সন্মুখত দাঙি ধৰা হ’ব। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰ প্ৰতি বিজেপিৰ সমৰ্থন পুনৰ দৃঢ় কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
কিন্তু এই সমগ্ৰ ঘটনাক্ৰমৰ মাজত এটা প্ৰশ্নই বিশেষ গুৰুত্ব লাভ কৰিছে—বিৰোধীৰ প্ৰতিবাদক কেৱল ৰাজনৈতিকভাৱে প্ৰত্যাখ্যান কৰাই যদি যথেষ্ট, তেন্তে তাৰ বিৰুদ্ধে ৰাজ্যজুৰি পৃথক প্ৰতিবাদী গণ সমাৱেশৰ প্ৰয়োজন কিয়? সাধাৰণতে বিৰোধী দলসমূহে চৰকাৰৰ নীতি, নিৰ্বাচনী ব্যৱস্থা অথবা সাংবিধানিক প্ৰতিষ্ঠানৰ কাৰ্যকলাপক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু সেই প্ৰতিবাদক প্ৰত্যাহ্বান জনাবলৈ শাসকীয় দলেও একে ধৰণৰ ৰাজপথৰ কাৰ্যসূচী গ্ৰহণ কৰাটোৱে বিষয়টোৰ ৰাজনৈতিক গুৰুত্ব বৃদ্ধি কৰিছে।
বিজেপিয়ে এই কাৰ্যসূচীক কংগ্ৰেছৰ অভিযোগৰ প্ৰত্যুত্তৰ আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ সপক্ষে জনমত গঠনৰ প্ৰচেষ্টা হিচাপে ব্যাখ্যা কৰিছে। আনহাতে, বিৰোধীৰ আন্দোলনৰ প্ৰতি শাসকীয় পক্ষৰ এই প্ৰতিক্ৰিয়াই প্ৰতিবাদৰ ৰাজনৈতিক প্ৰভাৱ আৰু জনমতৰ প্ৰশ্নটোও পুনৰ চৰ্চালৈ আনিছে।
