September 30, 2026
754462871_2671256489973077_2392745732790020273_n

ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণ (SIR) আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিতৰ্কিত ভূমিকাক লৈ সমগ্ৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট উত্তাল হৈ পৰিছে। ইয়াৰ মাজতে আজি নতুন দিল্লীৰ ‘কনষ্টিটিউচন ক্লাব’ত বিৰোধী ঐক্যমঞ্চ ‘ইণ্ডিয়া’ ব্লকৰ এক জৰুৰী বৈঠক আহ্বান কৰা হৈছে। কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্তক পদৰ পৰা অপসাৰণ, তেওঁৰ বিৰুদ্ধে মহাভিযোগ (Impeachment) প্ৰস্তাৱ আৰু SIR বাতিলৰ দাবীত বিৰোধীয়ে এক উমৈহতীয়া ৰণনীতি প্ৰস্তুত কৰিব।

বৈঠকৰ মূল লক্ষ্য আৰু কাৰ্যসূচী নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত শেহতীয়াকৈ মতানৈক্যৰ খবৰ পোহৰলৈ অহাৰ পাছতে বিৰোধী শিবিৰে এই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে। আজিৰ বৈঠকত মূলতঃ তলত দিয়া বিষয়সমূহ স্থান পাব:

  • মুখ্য নিৰ্বাচন আয়ুক্তৰ অপসাৰণ: জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ আনিবৰ বাবে সংসদত কৌশল প্ৰস্তুত কৰা।

  • SIR আৰু ভোটাৰ তালিকা: বিতৰ্কিত SIR প্ৰক্ৰিয়া বাতিলৰ দাবী আৰু ভোটাৰ তালিকাৰ অনিয়ম প্ৰতিৰোধ।

  • ইভিএম আৰু ভিভিপেট: নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতাৰ বাবে ইভিএম (EVM) আৰু ভিভিপেট (VVPAT) সম্পৰ্কীয় বিষয়সমূহত আন্দোলন।

কোন উপস্থিত থাকিব, কোনে ল’লে আতঁৰি থকাৰ সিদ্ধান্ত? এই গুৰুত্বপূৰ্ণ বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী, আৰজেডিৰ তেজস্বী যাদৱ, নেচনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা, পিডিপি নেত্ৰী মেহবুবা মুফতি আৰু বাঁওপন্থী নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে।

ইফালে, সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে লক্ষ্ণৌত পূৰ্বনিৰ্ধাৰিত কৃষক সন্মিলন আৰু ৰাজ্যসভাৰ মনোনয়ন প্ৰক্ৰিয়াৰ বাবে নিজে উপস্থিত থাকিব নোৱাৰে। তেওঁৰ সলনি দলৰ দুই জ্যেষ্ঠ সাংসদ হৰেন্দ্ৰ মালিক আৰু ৰামপুৰৰ সাংসদ মৌলানা মহিবুল্লাহ নাদৱীয়ে সমাজবাদী পাৰ্টীক প্ৰতিনিধিত্ব কৰিব।

অন্যহাতে, আম আদমি পাৰ্টী (AAP), ডিএমকে (DMK) আৰু বিজু জনতা দলে (BJD) আজিৰ বৈঠকৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। অৱশ্যে ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে স্পষ্ট কৰি দিয়ে যে বৈঠকত উপস্থিত নাথাকিলেও সংসদত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰস্তাবিত মহাভিযোগক তেওঁলোকে সম্পূৰ্ণ সমৰ্থন জনাব।

মোদী চৰকাৰক খাৰ্গেৰ তীব্ৰ আক্ৰমণ বৈঠকৰ পূৰ্বে মঙলবাৰে দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (CWC) বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক বিজেপি চৰকাৰৰ ‘হাতৰ পুতলা’ বুলি অভিহিত কৰে। খাৰ্গেই অভিযোগ তোলে যে, “আমাৰ পূৰ্বপুৰুষসকলে নিজৰ ত্যাগ আৰু নিষ্ঠাৰে যি শক্তিশালী গণতান্ত্ৰিক ভেটি গঢ়ি তুলিছিল, বিগত ১২ বছৰত মোদী চৰকাৰে ইয়াক ষড়যন্ত্ৰমূলকভাৱে ধ্বংস কৰিছে। অতি পৰিকল্পিতভাৱে ভোটাৰ তালিকাৰ পৰা যোগ্য নাগৰিকৰ নাম আঁতৰোৱা হৈছে।” সমাগত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ আস্থা অক্ষত ৰাখিবলৈ বিৰোধী সংগ্ৰাম অব্যাহত ৰাখিব বুলি তেওঁ দৃঢ়তাৰে ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *