নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ: ভাৰতীয় গণতন্ত্ৰৰ অন্যতম কাণ্ডাৰী তথা সাংবিধানিক সংস্থা ‘ভাৰতৰ নিৰ্বাচন আয়োগ’ৰ প্ৰতিষ্ঠানিক সন্মান, বিশ্বাসযোগ্যতা আৰু স্বায়ত্বশাসন ৰক্ষা কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু বাকী দুজন নিৰ্বাচন আয়ুক্ত— সুখবীৰ সিং সান্ধু তথা বিবেক যোশীৰ মাজত ‘বিশেষ সংক্ষিপ্ত সংশোধন’ (SIR) প্ৰক্ৰিয়াক লৈ দেখা দিয়া অভূতপূৰ্ব সংঘাতৰ পিছতে দেশজুৰি আয়োগৰ সন্মানক লৈ এক ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে। ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াত বাকী দুজন আয়ুক্তৰ লিখিত আপত্তি আওকাণ কৰাৰ যি গুৰুতৰ অভিযোগ উঠিছে। তাক লৈ এইবাৰ সোচ্চাৰ হৈ পৰিছে আয়োগক পূৰ্বে সফলতাৰে নেতৃত্ব দিয়া প্ৰাক্তন শীৰ্ষ নিৰ্বাচনী বিষয়াসকল।
নিৰ্বাচন আয়োগৰ ক্ষুণ্ণ হোৱা স্বায়ত্বশাসন আৰু হেৰাই যোৱা জনবিশ্বাস পুনৰুদ্ধাৰৰ বাবে মাত মাতিছে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বি, প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছা আৰু প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত অ’ পি ৰাৱাটে। তেওঁলোকে একোৰাহে প্ৰকাশ কৰিছে যে সমগ্ৰ বিষয়টোৰ সৈতে ভাৰতৰ নিৰ্বাচন আয়োগৰ ঐতিহাসিক মৰ্যাদা আৰু সততাৰ প্ৰশ্ন জৰিত হৈ আছে।
স্বচ্ছতাই আয়োগৰ মূল শক্তিঃ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বিয়ে কয় যে স্বচ্ছতাই হৈছে নিৰ্বাচন আয়োগৰ আটাইতকৈ ডাঙৰ শক্তি আৰু সম্পদ। আয়োগৰ হেৰোৱা সন্মান ৰক্ষা কৰিবলৈ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৰাজহুৱাভাৱে সকলো ঘটনাৰ স্পষ্টীকৰণ দিয়াটো জৰুৰী। তেওঁ প্ৰস্তাৱ আগবঢ়ায় যে তিনিজনো আয়ুক্তই যৌথভাৱে সংবাদমেল অনুষ্ঠিত কৰি বাকী দুজন আয়ুক্তই এছআইআৰক লৈ প্ৰকৃততে কি আপত্তি দৰ্শাইছিল, সেয়া দেশবাসীক জনাওক। কুৰেশ্বিয়ে সকীয়াই দি কয়, “যদি ভোটাৰ তালিকা সংশোধনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱে আইনী বিধি উলংঘন কৰিছিল। তেন্তে তেনে অবৈধ তালিকাৰে নিৰ্বাচন পাতিব নোৱাৰি। ভুল শুদ্ধ কৰিবলৈ ২০২৫ চনৰ জুন মাহৰ (SIR আৰম্ভণিৰ পূৰ্বৰ) পৰিস্থিতিলৈ পূৰ্বৰ দৰে উভতি যোৱাৰ আইনী বিকল্প সদায় মুকলি থাকে।”
নৈতিক কৰ্তব্যৰ কথা মনত পেলাই দিলে অশোক লাভাছাইঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আচৰণ বিধি উলংঘনৰ অভিযোগত সংখ্যালঘু মত দি পৰৱৰ্তী সময়ত চৰকাৰী ৰোষত পৰা প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই আয়োগৰ নৈতিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “সম্পূৰ্ণ তথ্যসহ এছআইআৰৰ ব্যাখ্যা ৰাজহুৱা কৰাটো নিৰ্বাচন আয়োগৰ প্ৰথম আৰু প্ৰধান নৈতিক কৰ্তব্য। বিশেষ সংশোধনৰ আপত্তিসমূহ যথাযথভাৱে আলোচনা কৰা হৈছিল নে নাই, সেয়া ৰাইজে জানিব লাগিব।” লাভাছাই প্ৰশ্ন তোলে যে তিনিজন আয়ুক্ত একমত হ’লেও, ফৰ্ম-৬ সলনি কৰি নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ (ERO) বৈধানিক ক্ষমতা কেতিয়াও কাঢ়ি নিব নোৱাৰি।
আয়োগত এনে সংঘাত অভূতপূৰ্বঃ ইফালে, আয়োগৰ আন এজন প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত অ’ পি ৰাৱাটে আক্ষেপ প্ৰকাশ কৰি কয় যে নিৰ্বাচন আয়োগৰ ইতিহাসত এনে অভূতপূৰ্ব সংকট আগেয়ে কেতিয়াও হোৱা নাছিল। “আমি আয়োগত থাকোঁতে প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিলোঁ,”— ৰাৱাটে উল্লেখ কৰে। তেওঁ বৰ্তমানৰ এছআইআৰ প্ৰক্ৰিয়াক এক প্ৰকাৰ ‘ফ্ৰেংকেনষ্টাইন’ৰ সৈতে তুলনা কৰি কয় যে ই সমগ্ৰ দেশৰ ভোটাৰসকলৰ মনত সন্ত্ৰাস আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে।
অন্য এজন প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তই বিষাদ প্ৰকাশ কৰি কয় যে আয়োগে যিয়েই নকৰক কিয়, সৃষ্টি হোৱা এই অনাকাংক্ষিত বিতৰ্কৰ ফলত জনসাধাৰণৰ আস্থা আৰু নিৰ্বাচন আয়োগৰ সন্মান সোনকালে ঘূৰি অহাটো কঠিন হৈ পৰিব। গণতন্ত্ৰৰ ভেটি মজবুত কৰি ৰখাৰ স্বাৰ্থতে আৰু বিশ্বজুৰি ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাৰ যি সুনাম আছে। তাক অক্ষুণ্ণ ৰাখিবলৈ নিৰ্বাচন আয়োগে অনতিবিলম্বে নিজৰ ভিতৰচ’ৰাৰ সংঘাত দূৰ কৰি এক স্বচ্ছ আৰু দায়বদ্ধ স্থিতি গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।