বৰ্তমান দেশৰ নিৰ্বাচন আয়োগৰ দায়িত্ব বহন কৰি থকা জ্ঞানেশ কুমাৰে ভোট চুৰি কৰি বিজেপিক চৰকাৰ গঠনত সহায় কৰি আহিছে বুলি আটাইকেইটা বিৰোধী দলে অভিযোগ উত্থাপন কৰি আহিছে৷ বিৰোধী কংগ্ৰেছকে ধৰি আটাইকেইটা দলে উত্থাপন কৰি অহা অভিযোগৰ সময়ত শেহতীয়াকৈ তিনিগৰাকী আয়ুক্তৰ মাজত মনোমালিন্য ঘটাৰ অভিযোগে দেশজুৰি গণতান্ত্ৰিক ব্যৱস্থা হোৱা বুলি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিজেপিক চৰকাৰ গঠনত সহায় কৰিবলৈ এছআইআৰৰ জৰিয়তে অজ্ঞাত ভোট অন্তৰ্ভুক্ত কৰা আৰু যোগ্য ভোটৰৰ নাম কৰ্তন কৰি ইতিমধ্যে বিজেপিৰ চৰকাৰ গঠনত জ্ঞানেশ কুমাৰে সহায় কৰাৰ অভিযোগ উঠি আহিছে৷ তাৰ মাজতে নিৰ্বাচন আয়োগৰ কাৰচাজি তথা গোমৰ ফাক ওলাইছে ইণ্ডিয়ান এক্সপ্ৰেছৰ এক অনুসন্ধানকাৰী প্ৰতিবেদনত৷ ৰাজনৈতিক দল উত্থাপন কৰা অভিযোগসমূহকে আয়োগৰ ভিতৰচৰাৰ পৰাই উত্থাপন হৈছে৷ গণতন্ত্ৰ ধ্বংসৰ আখৰা যেন নিৰ্বাচন আয়োগৰ পৰাই আৰম্ভ হৈছিল৷
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞাণেশ কুমাৰৰ একনায়কত্ববাদী কাৰ্যকলাপৰ বিৰুদ্ধে থিয় দিছে বাকী দুজন নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী। বিগত ১০টা মাহত অন্তত ১৪ বাৰকৈ দুই নিৰ্বাচন আয়ুক্তই লিখিত আপত্তি দাখিল কৰিছিল৷ আনহে নালাগে এদিনতে চাৰিবাৰকৈ বিৰোধ প্ৰকাশ কৰিবলগীয়া হৈছিল। দুই আয়ুক্তৰ আপত্তিক ভৰিৰে মোহাৰি দিল্লীৰ পৰাই দেশজুৰি জাপি দিয়া হৈছে কিছুমান নিৰ্দেশনা৷ ভাৰতত যেতিয়াই নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতা আৰু স্বায়ত্বশাসনক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ বিগত বৰ্ষৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰাই নিৰ্বাচন আয়োগ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। নিৰ্বাচন আয়োগে বিহাৰ নিৰ্বাচনৰ পৰাই SIR অৰ্থাৎ ‘স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন’ (Special Intensive Revision) প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
নিৰ্বাচন আয়োগে এক নিয়মীয়া কাৰ্যসূচী বুলি অভিহিত কৰিছিল। কিন্তু বিহাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াৰ অধীনত বৰ্তমানলৈকে ভোটাৰ তালিকাৰ পৰা ১৩ কোটিতকৈও অধিক নাম কৰ্তন কৰা হৈছে। এনে পৰিস্থিতিত নিৰ্বাচন আয়োগে ভাৰতীয় নাগৰিকৰ নাগৰিকত্ব নিৰ্ধাৰণ কৰিছে বুলি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এছআইআৰ প্ৰক্ৰিয়াক লৈ ভাৰতৰ বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰিছে যে মোদী চৰকাৰে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি নিজৰ মনপছন্দৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাইছে। কেন্দ্ৰৰ মোদী চৰকাৰে অৱশ্যে এই অভিযোগ নাকচ কৰি আহিছে৷ এতিয়া নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাৰ মতানৈক্যৰ খবৰ পোহৰলৈ আহিছে। ভাৰতৰ অন্যতম প্ৰধান ইংৰাজী দৈনিক ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক অনুসন্ধানী প্ৰতিবেদন অনুসৰি, তিনিজনীয়া নিৰ্বাচন আয়োগৰ অভ্যন্তৰতে এই বিষয়বোৰক লৈ মতবিৰোধ হৈছিল। এই প্ৰশ্ন অন্য কোনেও নহয়, স্বয়ং দুজন নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে উত্থাপন কৰিছিল।
ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰতিবেদনত লিখিছে যে সমগ্ৰ দেশজুৰি চলি থকা এছআইএৰ প্ৰক্ৰিয়া তিনিগৰাকী নিৰ্বাচন আয়ুক্তৰ তত্ত্বাৱধানতে চলি আছে। কিন্তু সান্ধু আৰু যোশীয়ে বিগত ১০ মাহত অন্ততঃ ১৪ বাৰ আনুষ্ঠানিকভাৱে লিখিত আপত্তি দৰ্শাইছে। তেওঁলোকৰ অভিযোগ অনুসৰি, বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নিৰ্দেশনা তেওঁলোকক অৱগত নকৰাকৈয়ে গ্ৰহণ আৰু জাৰি কৰা হৈছিল। আনকি এদিনতে চাৰিবাৰকৈ এনে আপত্তি লিপিবদ্ধ কৰা হৈছিল। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে নিৰ্বাচন আয়োগে ‘এক্স’ যোগে ৮ টা বিন্দু সম্বলিত এক স্পষ্টীকৰণ প্ৰকাশ কৰে। ইয়াৰ পঞ্চমটো বিন্দুত আয়োগে কয় যে ১০ মাহৰ ভিতৰত গ্ৰহণ কৰা বহু অনুমোদন, সিদ্ধান্ত, নিৰ্দেশনা আৰু পদক্ষেপক আওকাণ কৰি কেৱল কিছুমান আভ্যন্তৰীণ নোট বা কথাৰ ওপৰত গুৰুত্ব দিলে সামগ্ৰিক ছবিখন স্পষ্ট নহয়। সম্প্ৰতি আয়োগে বহু সিদ্ধান্ত লৈছে৷ নিৰ্দেশনা জাৰি কৰিছে৷ প্ৰায় ৪০ টা নতুন পদক্ষেপ আৰম্ভ কৰিছে আৰু ভোটাৰ তালিকা সংশোধনকে ধৰি (এছআইআৰ সহ) বিভিন্ন নিৰ্বাচনী সংস্কাৰ সাধন কৰিছে। এই সকলো সিদ্ধান্ত বিগত এটা বছৰত সমগ্ৰ আয়োগৰ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি তিনিজন নিৰ্বাচন আয়ুক্তৰ ভিতৰত দুজনে অভিযোগ কৰিছে যে নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰা আৰু তালিকাৰ পৰা নাম কৰ্তন কৰা সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰৰ ক্ষেত্ৰত তেওঁলোকক এন্ধাৰত ৰখা হৈছিল। তেওঁলোকে নতুন ভোটাৰ অন্তৰ্ভুক্তিকৰণৰ কিছুমান পদক্ষেপক ‘অনাকাংক্ষিত আৰু অবৈধ’ বুলি আখ্যা দিয়ে আৰু সকীয়াই দিয়ে যে ভোটাৰ তথ্য সংগ্ৰহৰ মূল নিয়ন্ত্ৰণ দিল্লীত কেন্দ্ৰীভূত কৰি ৰাজ্যিক বিষয়াসকলক আওকাণ কৰা উচিত নহয়। চফ্টৱেৰৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত অমান্তি প্ৰকাশ কৰা নিৰ্বাচন আয়ুক্তদ্বয়ে কেবিনেট সচিবৰ ওচৰতো অভিযোগ দাখিল কৰে। ই নিৰ্বাচন আয়োগৰ অভ্যন্তৰীণ অভূতপূৰ্ব বিভাজন আৰু ইয়াৰ কাৰ্যপ্ৰণালীক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। প্ৰতিবেদন অনুসৰি, এই সকলো আপত্তিৰ প্ৰতিলিপি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰে কিছু প্ৰতিলিপি সংশ্লিষ্ট বিষয়সমূহ তদাৰক কৰি থকা উপ-নিৰ্বাচন আয়ুক্তসকলকো দিয়া হৈছিল। এখন লিখিত আপত্তিত সান্ধুৱে অভিযোগ কৰিছে যে আয়োগে দুজন নিৰ্বাচন আয়ুক্তৰ লিখিত পৰামৰ্শৰ বিপৰীতে গৈ পদক্ষেপ গ্ৰহণ কৰিছে৷ যিটো সমূলি ‘অনাকাংক্ষিত আৰু অবৈধ’।
উল্লেখযোগ্য যে, মোদী চৰকাৰৰ দিনত ২০২৩ চনৰ আইন অনুসৰি এই তিনিগৰাকী নিৰ্বাচন আয়ুক্তক নিয়োগ কৰা হৈছিল। এই বাছনি সমিতিত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলৰ নেতা আছিল। ২০২৪ চনৰ মাৰ্চ মাহত যেতিয়া সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল৷ তেতিয়া বাছনি কমিটিত থকা বিৰোধী সদস্য তথা কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে নিযুক্তি প্ৰক্ৰিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত, ২০২৫ চনৰ ফেব্ৰুৱাৰীত জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত আৰু বিবেক যোশীক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ সময়তো লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আপত্তি দৰ্শাইছিল। মোদী চৰকাৰৰ কাৰ্যকালত নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ মতানৈক্য ৰাজহুৱা হোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০১৯ চনৰ মে’ মাহতো তৎকালীন নিৰ্বাচন আয়ুক্ত অশোক লৱাছাই মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাৰ সিদ্ধান্তত দ্বিমত প্ৰকাশ কৰিছিল।
তৎকালীন নিৰ্বাচন আয়ুক্ত অশোক লৱাছাই দাবী জনাইছিল যে নিৰ্বাচনী আচৰণ বিধি উলংঘন সংক্ৰান্তীয় আদেশসমূহত সংখ্যালঘু সদস্যৰ ভিন্ন মত বা অসন্মতিও লিপিবদ্ধ কৰিব লাগে। কিন্তু তদানীন্তন মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই এই দাবী নাকচ কৰে। ফলস্বৰূপে, ২০১৯ চনৰ ১৬ মে’ৰ পৰা লৱাছাই আচৰণ বিধি সংক্ৰান্তীয় সকলো বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত থাকে। কাৰণ অভিযোগসমূহ দ্ৰুত নিস্পত্তিৰ বাবে দিয়া পৰামৰ্শ কাৰ্যকৰী কৰা হোৱা নাছিল আৰু চূড়ান্ত আদেশত তেওঁৰ ভিন্ন মত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে অহা আদৰ্শ আচৰণ বিধি উলংঘনৰ অভিযোগত দিয়া ‘ক্লীন চিট’ৰ ক্ষেত্ৰত লৱাছাই পাঁচবাৰকৈ অসন্মতি প্ৰকাশ কৰিছিল।
অশোক লৱাছাৰ অসন্তোষ সম্পৰ্কে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই কৈছিল যে নিৰ্বাচন আয়ুক্তসকলৰ মাজৰ মতানৈক্য আয়োগৰ চাৰিসীমাৰ ভিতৰতে থকা উচিত আৰু তিনিগৰাকী সদস্যই প্ৰতিটো বিষয়তে একে মত পোষণ কৰিব বুলি আশা কৰিব নোৱাৰি। আৰোৰাই কয় “মৌনতাৰ সৌন্দৰ্য্য ৰক্ষা কৰাটো সদায় কঠিন, কিন্তু ই প্ৰয়োজনীয়। কাৰণ ভুল সময়ত বিতৰ্ক সৃষ্টি কৰাতকৈ নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে পৰিচালনা কৰাটোহে অধিক গুৰুত্বপূৰ্ণ।” কংগ্ৰেছে অভিযোগ কৰিছিল যে বিজেপি চৰকাৰে গণতান্ত্ৰিক অনুষ্ঠানসমূহ ধ্বংস কৰিব বিচাৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই কৈছিল যে লৱাছাৰ পত্ৰই মোদী চৰকাৰে নিৰ্বাচন আয়োগৰ ওপৰত চলোৱা ৰাজনৈতিক চাপৰ স্বৰূপ উন্মোচিত কৰিলে।
সুৰজেৱালাই কয়, “কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ দাবী জনোৱাৰ বাবেই এজন নিৰ্বাচন আয়ুক্তৰ অসন্মতিক স্থান নিদিয়াটোৱে নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠানিক স্বতন্ত্ৰতাক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে।” ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ঠিক আগে আগে নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে পদত্যাগ কৰিছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৯ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। গোৱেলৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল। লোকসভা নিৰ্বাচনৰ দিনঘোষণাৰ ঠিক আগে আগে অহা এই পদত্যাগে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। গোৱেলৰ পদত্যাগক লৈ কংগ্ৰেছে “বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ব্যৱস্থা”ক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে.চি. বেণুগোপালে ‘এক্স’ত লিখিছিল, “নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক সংস্থাই কেনেকৈ কাম কৰিছে আৰু চৰকাৰে কেনেকৈ ইয়াৰ ওপৰত চাপ সৃষ্টি কৰিছে, সেই বিষয়ে কোনো স্বচ্ছতা নাই।”