September 30, 2026
bihar

বিহাৰৰ জুমৈই জিলাত এক অত্যন্ত মৰ্মাহত কৰা ঘটনা সংঘটিত হৈছে। এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিগ্ৰহ কৰা আৰু এজন নাবালক ছাত্ৰক প্ৰহাৰ কৰাৰ এক ভয়ংকৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে স্কুটাৰত উঠি থকা দুজন নাবালক ছাত্ৰ-ছাত্ৰীক যুৱকৰ দলে ঘেৰি ধৰি নিগ্ৰহ চলাইছে। আনহাতে ছাত্ৰজনে ছাত্ৰীগৰাকীক ৰক্ষা কৰিবলৈ আপ্রাণ চেষ্টা চলাইছে। জৈমুইৰ আৰক্ষী অধীক্ষক বিশ্বজীৎ দয়ালে এই ভিডিঅ’ৰ সত্যতা নিশ্চিত কৰি জনায় যে ঘটনাটো ১৯ ছেপ্টেম্বৰৰ বিয়লি প্ৰায় ৭ বজাৰ। যেতিয়া দুয়োগৰাকী ছাত্ৰ-ছাত্ৰী ক’চিংলৈ গৈ ফটো তুলি থকাৰ সময়ত এই ঘটনা ঘটে। ঘটনাটোৰ পৰা ভুক্তভোগীৰ পৰিচয় লাভ কৰি তেওঁলোকৰ মন্তব্য গ্ৰহণ কৰা হৈছে আৰু অচিনাক্ত লোকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছে।

ভিডিঅ’ৰ ভিত্তিত চিনাক্ত কৰি আৰক্ষীয়ে ইতিমধ্যে ৩ জন লোকক আটক কৰিছে। জুমৈইৰ বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী শ্ৰেয়সী সিঙে স্পষ্ট কৰি দিয়ে যে চৰকাৰে এনে অপৰাধৰ বিৰুদ্ধে ‘জিৰ’ টলাৰেঞ্চ’ নীতি গ্ৰহণ কৰিছে আৰু ঘটনাটোত জড়িত বাকী অভিযুক্তসকলকো অতি সোনকালে কৰায়ত্ত কৰা হ’ব। বিহাৰ ৰাজ্যিক মহিলা আয়োগৰ সভাপতি অপ্সৰা মিশ্ৰাইও জুমৈইৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰি এই সন্দৰ্ভত তথ্য সোধপোচ কৰিছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে।

ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি বিহাৰত আৰম্ভ হৈছে প্ৰবল ৰাজনৈতিক বিতৰ্ক। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমত এই ঘটনাটোক অত্যন্ত উদ্বেগজনক বুলি অভিহিত কৰি কয় যে পিতৃতান্ত্ৰিক আৰু উগ্ৰ মানসিকতাই এনে গুণ্ডাগিৰিক উদগনি দিয়ে। তেওঁ দোষীক পকছো (POCSO) আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায় আৰু বিহাৰত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰে। আনহাতে, বিহাৰৰ বিৰোধী নেতা তথা আৰজেডিৰ নেতা তেজস্বী যাদৱে এই ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এনডিএ চৰকাৰক পোনপটীয়াকৈ দোষাৰোপ কৰি ৰাজ্যখনত আইন-শৃংখলা সম্পূৰ্ণৰূপে ভাঙি পৰা বুলি অভিযোগ তোলে। অৱশ্যে এনডিএৰ মিত্ৰজোঁটৰ দল এলজেপি (আৰ)-য়ে এই ঘটনাক তীব্ৰ গৰহণা দি নিশ্চিতি প্ৰদান কৰিছে যে আৰক্ষীয়ে নিৰপেক্ষভাৱে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব আৰু কোনো দোষীকে ৰেহাই দিয়া নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *