September 30, 2026
maikhuli

অসম-মেঘালয় সীমান্তৰ মাইখুলী পথাৰক কেন্দ্ৰ কৰি শনিবাৰে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি। অভিযোগ অনুসৰি, অসমৰ ফালৰ পৰা অহা ১০০ জনতকৈও অধিক লোকৰ এটা দলে মাইখুলী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পিছফালে থকা পকী বেৰৰ অংশ ভাঙি মাইখুলী পথাৰত প্ৰৱেশ কৰে। ইয়াৰ পিছতে দলটোৱে পথাৰখনৰ মুখ্য প্ৰৱেশদ্বাৰত তলা লগাই স্থানীয় লোকৰ প্ৰৱেশ বন্ধ কৰি দিয়ে। জানিব পৰা মতে, বক্ৰাপাৰাৰ মিন্টু বড়ো নামৰ এজন ব্যক্তিৰ নেতৃত্বত এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল।

অসমৰ লোকসকলে পথাৰৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াত ক্ষুব্ধ হৈ পৰে স্থানীয় মেঘালয়ৰ লোকসকল। তেওঁলোকে প্ৰৱেশদ্বাৰত লগোৱা তলাটো ভাঙি ভিতৰলৈ সোমাই যোৱাৰ চেষ্টা কৰাৰ লগে লগে দুয়োপক্ষৰ মাজত তীব্ৰ সংঘাত আৰু বাক-বিতণ্ডাৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে পিলিংকটা আৰক্ষী চকী আৰু বশিষ্ঠ আৰক্ষী  তাত উপস্থিত হয়। ৰি-ভয় জিলাৰ আৰক্ষী অধীক্ষক গিৰি প্ৰসাদে জনোৱা মতে, আৰক্ষীয়ে তাৎক্ষণিকভাৱে পৰিস্থিতিত হস্তক্ষেপ কৰে আৰু অসমৰ লোকসকলক পুনৰ নিজৰ সীমান্তৰ দিশে ওভতাই পঠিয়ায়।

দুয়োখন ৰাজ্যৰ দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। অসম আৰু মেঘালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, নংপোৰ উপ-আৰক্ষী অধীক্ষক এম মাৰ্ঙাট, খানাপাৰা আৰু বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে সুৰক্ষাৰ খাতিৰত চি আৰ পি এফ (CRPF) আৰু অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয়।

আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা মতে, অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ অসম-মেঘালয় সীমান্তৰ দুয়োফালে পৰ্যাপ্ত পৰিমাণৰ সুৰক্ষাকৰ্মী মোতায়েন কৰি ৰখা হৈছে। দুয়োখন ৰাজ্যৰ প্ৰশাসন আৰু সুৰক্ষা বাহিনীৰ যৌথ তৎপৰতাত পৰিস্থিতি সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণলৈ আহে। বৰ্তমান অঞ্চলটোত আৰক্ষীৰ তহল অব্যাহত আছে আৰু পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ।

Leave a Reply

Your email address will not be published. Required fields are marked *