September 30, 2026
818384615_1563323395810342_7099797536055629475_n

অসমৰ সাহিত্য জগতক শোকহত কৰি আজি বিশিষ্ট কবি তথা গীতিকাৰ আনিছ উজ্ জামানৰ অচিনা দেশলৈ মেলানি মাগে৷ আজি পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱা ৭:৪০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১৯৪৭ চনৰ ৩ ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাৰ বৰুৱা বামুণবাৰী গাঁৱত জন্মগ্ৰহণ কৰা আনিছ উজ্ জামান শিক্ষাদান আৰু সাহিত্য চৰ্চাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আছিল। তেওঁ মিৰ্জাৰ আৰ ডি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো নিজৰ সেৱা আগবঢ়াইছিল। ইয়াৰ উপৰিও তেওঁ অসম কবি সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও অসম সাহিত্য সভাৰো এগৰাকী সক্ৰিয় সদস্য আছিল।

১৯৮৯ চনত প্ৰকাশিত প্ৰথমখন কাব্যগ্ৰন্থ ‘অজ্ঞাতে’ৰ জৰিয়তে তেওঁৰ সাহিত্যিক যাত্ৰা আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত তেওঁৰ একাধিক সমাদৃত কাব্যগ্ৰন্থ প্ৰকাশ পাইছিল, যাৰ ভিতৰত ‘গধূলি’ (১৯৯৪), ‘সেউজীয়া জোন’ (১৯৯৯), ‘এই বাটেদিয়েই’ (২০১৩) আৰু ‘দোকমোকালি’ (২০১৪) অন্যতম। অসমীয়া কবিতালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম কবি সন্মিলনে তেওঁক ‘কাব্যৰত্ন’ উপাধিৰে ভূষিত কৰিছিল। আনহাতে ২০২৫ চনত অসম সাহিত্য সভাই তেওঁক সন্মানীয় ‘জাতীয় কবি’ উপাধিগ্ৰহণৰ লগতে গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কবিতা বঁটা, গণেশ গগৈ বঁটা আৰু অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ বঁটাৰে পুৰস্কৃত কৰে। তেওঁৰ সাহিত্যৰাজি ইংৰাজী, হিন্দী, বঙালী, ওড়িয়া, তামিল, ফ্ৰেন্স আৰু স্পেনিছ ভাষালৈ অনুবাদ হৈছে৷ যিয়ে তেওঁৰ সৃষ্টিৰাজিক অসমীয়া ভাষাৰ সীমা অতিক্ৰমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল।

বিশিষ্ট কবিগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জামানক এগৰাকী বিশিষ্ট কবি, অনুবাদক, সমালোচক আৰু সবাগ্মী ব্যক্তিত্ব বুলি অভিহিত কৰাৰ লগতে তেওঁৰ ইতিবাচক আৰু সৰল-হৃদয়ৰ ব্যক্তিত্বৰ কথা সোঁৱৰণ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই শোকবাৰ্তাত কয় যে বিশিষ্ট কবি, অনুবাদক, সমালোচক, সবাগ্মী, অনন্য ধনাত্মক আৰু সৰল মানসিকতাৰ অধিকাৰী আনিছ উজ্ জামান ডাঙৰীয়াৰ মৃত্যুৰ খবৰে মনটোক গভীৰভাৱে ব্যথিত কৰিছে। কেৱল সাহিত্যিক ক্ষেত্ৰখনৰে নহয়, তেওঁ আছিল গৃহ সদস্যৰ দৰেই মৰমৰ আৰু আপোন। তেওঁৰ সংগ, সৰলতা আৰু ইতিবাচক গুণসমূহ সদায় সজীৱ হৈ ৰ’ব। তেওঁৰ প্ৰস্থানে সামাজিক আৰু সাহিত্যিক জীৱনত এক অপূৰণীয় ক্ষতিৰ সৃষ্টি কৰিলে। মুখ্যমন্ত্ৰীয়ে স্বৰ্গীয় আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *