September 30, 2026
pak

নতুন দিল্লীঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে কূটনৈতিক আৰু সামৰিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ প্ৰচেষ্টাৰ অংশস্বৰূপে পাকিস্তানে বিশেষ মাৰ্কিন প্ৰতিৰক্ষা কোম্পানীৰ সৈতে ড্ৰোন ক্ৰয় আৰু স্থানীয় উৎপাদন সন্দৰ্ভত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। উল্লেখনীয় যে, উক্ত ড্ৰোন নিৰ্মাতা কোম্পানীটোৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দুই পুত্ৰ ড’নাল্ড ট্ৰাম্প জুনিয়ৰ আৰু এৰিক ট্ৰাম্পৰ ব্যৱসায়িক সম্পৰ্ক থকাটো পোহৰলৈ আহিছে।

ৰয়টাৰ্ছ আৰু ফাইনেঞ্চিয়েল টাইমছৰ প্ৰতিবেদন অনুসৰি, মাৰ্কিন ড্ৰোন নিৰ্মাতা প্ৰতিষ্ঠান ‘পাৱাৰআছ’-এ পাকিস্তান সেনাবাহিনীৰ সৈতে এই চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ অধীনত পাকিস্তানক ‘আনআৰ্মড এৰিয়েল চিষ্টেম’ (Unarmed Aerial System) আৰু ড্ৰোন ইণ্টাৰচেপ্টৰ যোগান ধৰাৰ লগতে স্থানীয়ভাৱে যৌথ উদ্যোগত (Joint Venture) সামৰিক সঁজুলি উৎপাদনৰ পৰিকল্পনা কৰা হৈছে। এই চুক্তিয়ে চীনৰ ওপৰত পাকিস্তানৰ সামৰিক নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।

ৰাৱালপিণ্ডিত উচ্চস্তৰীয় বৈঠকঃ

যোৱা ১৬ ছেপ্টেম্বৰত ৰাৱালপিণ্ডিত পাকিস্তানত নিযুক্ত মাৰ্কিন ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত নাতালী বেকাৰ আৰু পাৱাৰআছৰ প্ৰতিনিধিবৰ্গই পাকিস্তানৰ সেনাপ্ৰধান ফিল্ড মাৰ্শ্বেল আছিম মুনীৰক সাক্ষাৎ কৰে। এই সাক্ষাৎকাৰৰ এখন ছবি ইছলামাবাদস্থিত মাৰ্কিন দূতাবাসে ছ’চিয়েল মিডিয়া এক্সত প্ৰকাশ কৰি জনায় যে, এক শক্তিশালী আমেৰিকা-পাকিস্তান সুৰক্ষা অংশীদাৰিত্বই আঞ্চলিক সুৰক্ষাত অৰিহণা যোগাব। ট্ৰাম্প প্ৰশাসনৰ সহযোগী দেশসমূহৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ নীতিক লৈ এই আলোচনা অনুষ্ঠিত হয়।

ট্ৰাম্প পৰিয়ালৰ ব্যৱসায়িক যোগসূত্ৰঃ

পাৱাৰআছ নামৰ প্ৰতিষ্ঠানটোৱে অতি সোনকালে শ্বেয়াৰ বজাৰত তালিকাভুক্ত কোম্পানী ‘অৰিয়াছ গ্ৰীণৱে হোল্ডিংছ’ৰ সৈতে একত্ৰিত হ’ব। মাৰ্কিন নিয়ন্ত্ৰক সংস্থাৰ নথিপত্ৰ অনুসৰি, ড’নাল্ড ট্ৰাম্প জুনিয়ৰ আৰু এৰিক ট্ৰাম্পে ‘আমেৰিকান ভেঞ্চাৰ্ছ’ নামৰ এটা বিনিয়োগ পুঁজিৰ জৰিয়তে অৰিয়াছত অংশীদাৰিত্ব ৰাখিছে। একত্ৰিত হোৱাৰ প্ৰক্ৰিয়াৰ পাছত সংযুক্ত কোম্পানীটোত এই পুঁজিৰ ৯.৯ শতাংশ অংশীদাৰিত্ব থাকিব। ইফালে, চলিত বৰ্ষৰ জানুৱাৰী মাহতো পাকিস্তানে ট্ৰাম্পৰ ঘনিষ্ঠ উপদেষ্টা ষ্টীভ ৱিটকফৰ পুত্ৰ জেক ৱিটকফৰ ‘ৱৰ্ল্ড লিবাৰ্টি ফাইনেঞ্চিয়েল’ৰ এটা সহযোগী প্ৰতিষ্ঠানৰ সৈতেও বুজাবুজিৰ চুক্তি কৰিছিল।

অভিযোগ আৰু স্পষ্টীকৰণঃ

ট্ৰাম্পৰ পুত্ৰদ্বয়ৰ যোগসূত্ৰক লৈ সমালোচনাৰ সৃষ্টি হোৱাত যদিও পাৱাৰআছৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ড্ৰিউ ফক্সে এই অনুমান নাকচ কৰিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে, কোম্পানীটোৱে কেৱল যোগ্যতামূলক ভিত্তিতহে চুক্তি লাভ কৰে আৰু ব্যৱসায়িক বিষয়ত ট্ৰাম্পৰ পুত্ৰসকলৰ কোনো ভূমিকা নাই। ট্ৰাম্প জুনিয়ৰৰ মুখপাত্ৰগৰাকীয়েও কয় যে তেওঁ কেৱল এজন পৰোক্ষ নিষ্ক্ৰিয় বিনিয়োগকাৰীহে। ইফালে, ৱাইট হাউছেও এই চুক্তিত স্বাৰ্থৰ কোনো সংঘাত নাই বুলি স্পষ্ট কৰি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *