বিশেষ সংবাদ, ইম্ফলঃ মণিপুৰৰ হিংসা ৰোধত বিফল হৈছে বিজেপি দল৷ মণিপুৰবাসীৰ সুৰক্ষা এতিয়া সংকটত৷ মণিপুৰক চম্ভালাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰিছে মণিপুৰ প্ৰদেশ কংগ্ৰেছে। লগতে শেহতীয়াকৈ সংঘটিত ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছে স্পষ্ট কৰি দিছে যে যদিহে নিয়ম ভংগ হোৱাৰ প্ৰমাণ পোৱা যায়, তেন্তে কুকি সশস্ত্ৰ গোটসমূহৰ সৈতে কৰা ‘অপাৰেচন স্থগিতকৰণ’ (SoO) চুক্তি শীঘ্ৰেই বাতিল কৰিব লাগে।
১৭ ছেপ্টেম্বৰত অনুষ্ঠিত দলীয় কাৰ্যসূচীত বক্তব্য ৰাখি মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ওক্ৰাম ইবোবী সিঙে কয় যে ২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা জনগোষ্ঠীয় হিংসা প্ৰতিহত কৰাত আৰু আইন-শৃংখলা ৰক্ষা কৰাত প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি। সিঙে আৰু উল্লেখ কৰে যে ৰাজ্যিক নেতৃত্বৰ ব্যৰ্থতাৰ পাছত কেন্দ্ৰীয় হস্তক্ষেপ আৰু তাৰ পৰৱৰ্তী সময়ত ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৬ চনৰ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰপতি শাসন বলৱৎ থকাৰ পাছতো হিংসা প্ৰতিহত কৰিবলৈ কোনো বিকল্প প্ৰশাসনিক ব্যৱস্থা গঢ়ি তোলা নহ’ল। শেহতীয়াকৈ তামেনলোং আৰু নোনে জিলাত সংঘটিত পৃথক হিংসাত্মক ঘটনাত ৬ জনকৈ লোক নিহত হোৱাৰ পাছতেই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য পোহৰলৈ আহিছে।
ইফালে, মণিপুৰ কংগ্ৰেছৰ লোকসভাৰ সাংসদ অংগোমচা বিমোল আকোইজামে সংসদত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। বিগত ১১ আগষ্টত সংদেৰ ৩৭৭ নম্বৰ নিয়মৰ অধীনত সাংসদগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল৷ যেনে ৰাষ্ট্ৰীয় ঘাইপথত চলি থকা অবৈধ কৰ সংগ্ৰহ, কুকি সশস্ত্ৰ গোটসমূহে SoO চুক্তিৰ মূল নিয়মসমূহ মানি চলিছে নে নাই আৰু শেহতীয়া হত্যাকাণ্ডৰ সৈতে SoO গোটসমূহৰ কোনো সম্পৰ্ক আছে নেকি বুলি প্ৰশ্ন কৰি কংগ্ৰেছে৷
ইয়াৰ উপৰিও, সাংসদ আকোইজামে মণিপুৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণৰ বাবে ৰাজ্যখনৰ প্ৰস্তুতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে উপযুক্ত বিশেষজ্ঞৰ অভাৱত ‘মণিপুৰ ৰাজ্যিক জনসংখ্যা আয়োগ’ বৰ্তমান নিষ্ক্ৰিয় হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক সমালোচনা কৰি সাংসদগৰাকীয়ে কয় যে নতুন দিল্লীয়ে মণিপুৰৰ পৰিস্থিতিক গুৰুত্ব দিয়া নাই। মণিপুৰত ক্ৰমাগতভাৱে সাধাৰণ নাগৰিকৰ প্ৰাণহানিৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো কেন্দ্ৰই সমস্যাক সমস্যা হিচাপ গণ্য কৰা নাই।