গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাৰ মতানৈক্য আৰু কাৰ্যপ্ৰণালীক লৈ দেশজুৰি ধুমুহা অব্যাহত থকাৰ সময়তে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সুৰক্ষা দিবলৈ উঠিপৰি লাগিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচন আয়োগক সুৰক্ষা প্ৰদান কৰি কয় যে আয়োগৰ প্ৰতিটো সিদ্ধান্ত যৌথভাৱে গ্ৰহণ কৰা হয় আৰু মুখ্য নিৰ্বাচন আয়ুক্তই একপক্ষীয়ভাৱে কোনো সিদ্ধান্ত ল’ব নোৱাৰে। নিৰ্বাচন আয়োগক লৈ উঠি থকা ধাৰাবাহিক অভিযোগ আৰু সমালোচনাক খণ্ডন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘নিৰ্বাচন আয়োগ হৈছে এটা যৌথ সাংবিধানিক সংস্থা। ইয়াৰ প্ৰতিটো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে বা সংখ্যাধিক্যৰ (মেজোৰিটি) মতামতৰ ভিত্তিতহে গ্ৰহণ কৰা হয়। মুখ্য নিৰ্বাচন আয়ুক্তই বাকী দুজন আয়ুক্তক আঁতৰত ৰাখি স্বতন্ত্ৰভাৱে একপক্ষীয় সিদ্ধান্ত লোৱা বুলি যি ধাৰণা দিয়া হৈছে৷ সেয়া আমাৰ সাংবিধানিক গাঁথনিৰ সৈতে সমূলি খাপ নাখায়।’’
মুখ্যমন্ত্ৰী শৰ্মাই বিষয়টো অধিক স্পষ্ট কৰি কয় যে মোৰ বিশ্বাস অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্ত বা আন কোনো এজন নিৰ্বাচন আয়ুক্ত যদি সংখ্যালঘু মতত থাকে৷ তেন্তে আয়োগে তেনে সিদ্ধান্ত কাৰ্যকৰী কৰিব নোৱাৰে। সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে সদস্যসকলৰ মাজত আলোচনা আৰু মতানৈক্য হ’ব পাৰে, সেয়া সুকীয়া কথা। কিন্তু এবাৰ সিদ্ধান্ত গৃহীত হোৱাৰ অৰ্থ হ’ল তাত সম্পূৰ্ণ সৰ্বসন্মতি অথবা সংখ্যাধিক্যৰ সমৰ্থন আছে।
কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক উদ্দেশ্য কৰি চলোৱা আক্ৰমণক বিৰোধীৰ এক ৰাজনৈতিক অভিসন্ধি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় ‘‘তথ্যগতভাৱে বাকী দুজন নিৰ্বাচন আয়ুক্তৰ পৰামৰ্শ অবিহনে মুখ্য নিৰ্বাচন আয়ুক্তই সিদ্ধান্ত লোৱাটো সম্ভৱ নহয়। গতিকে কেৱল মুখ্য নিৰ্বাচন আয়ুক্তক লক্ষ্য কৰি লোৱাটোৱে বিৰোধী দলসমূহ আৰু ‘দিমাগী নক্সাল’সকলৰ হতাশাকে প্ৰতিফলিত কৰিছে।
উল্লেখ্য যে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীক লৈ গঠিত তিনিজনীয়া নিৰ্বাচন আয়োগে সমগ্ৰ দেশতে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন (SIR) প্ৰক্ৰিয়া চলাই থকাৰ সময়তে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ মুখত পৰিছে। তেনে সময়তে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে মুখ্য নিৰ্বাচনী আয়ুক্তক ৰক্ষা কৰিবলৈ উঠিপৰি লগা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।