September 30, 2026
825292679_1399316809051542_2731678799490697465_n

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ শেহতীয়া কাৰ্যপ্ৰণালী আৰু সিদ্ধান্তসমূহৰ বৈধতাক লৈ দাখিল কৰা এখন আবেদন অহা সপ্তাহত শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।

ন্যায়ালয়ৰ বিচাৰপীঠ আৰু আবেদনকাৰীৰ যুক্তিঃ

মঙলবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ গঠিত বিচাৰপীঠৰ সন্মুখত এই বিষয়টো উত্থাপন কৰা হয়। জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে দাখিল কৰা এই আবেদনখনত সংবিধানৰ নীতিসমূহ আঙুলিয়াই দিয়া হৈছে। অধিবক্তা সিঙে যুক্তি দিয়ে যে সংবিধান অনুসৰি নিৰ্বাচন আয়োগৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত সৰ্বসন্মতভাৱে অথবা সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত হ’ব লাগে। কিন্তু বৰ্তমান আয়োগে যিদৰে কাম-কাজ চলাইছে, তাত লোৱা সিদ্ধান্তসমূহ সৰ্বসন্মত হয়নে নহয়, তাক লৈ গভীৰ সন্দেহৰ সৃষ্টি হৈছে।

মিডিয়া ৰিপৰ্ট আৰু ভিতৰচ’ৰাৰ মতভেদঃ

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এক বিশেষ প্ৰতিবেদনৰ ভিত্তিত জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে এই আইনী পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিবেদন অনুসৰি:

  • মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এছ.আই.আৰ. (SIR) সম্পৰ্কীয় সিদ্ধান্তসমূহ গ্ৰহণ কৰোঁতে বাকী দুজন নিৰ্বাচন আয়ুক্ত— সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ সৈতে দ্বিমত হৈছিল।

  • বিগত ১০ মাহত ভোটাৰ তালিকা আৰু বিশেষকৈ SIR সম্পৰ্কীয় নিৰ্দেশনাক লৈ আন দুজন আয়ুক্তই প্ৰায় ১৪ বাৰ আপত্তি দৰ্শাইছিল।

  • অভিযোগ অনুসৰি, বহু গুৰুত্বপূৰ্ণ নিৰ্দেশনা বাকী দুজন আয়ুক্তক নজনোৱাকৈ বা তেওঁলোকৰ আনুষ্ঠানিক অনুমোদন নোলোৱাকৈয়ে জাৰি কৰা হৈছিল।

প্ৰভাৱ আৰু ৰাজনৈতিক উত্তাপঃ

আইনী প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে এই খবৰে এতিয়া দেশৰ ৰাজনৈতিক মহলতো তীব্ৰ সংলোড়ন সৃষ্টি কৰিছে। ‘ইণ্ডিয়া’ (INDIA) মিত্ৰজোঁটৰ বিৰোধী নেতাসকলে নিৰ্বাচন আয়োগৰ এই মইমতালিসূচক আৰু সন্দেহজনক কাম-কাজৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ গঢ়ি তোলাৰ প্ৰস্তুতি চলাইছে। বুধবাৰে দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকত এই নিৰ্বাচনী অনিয়মৰ বিৰুদ্ধে যৌথ সংগ্ৰামৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

নিৰ্বাচন আয়োগৰ দৰে এক সাংবিধানিক প্ৰতিষ্ঠানৰ ভিতৰচ’ৰাৰ এনে সংঘাত আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ সমাগত শুনানীয়ে অনাগত দিনত কেনে মোৰ লয়, তাৰ ওপৰত সমগ্ৰ দেশৰে চকু থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *