September 30, 2026
825276765_17910285117523604_673546680192845855_n

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীক লৈ কাকৰোচ জনতা পাৰ্টিক তীব্ৰ সমালোচনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেয়ে। চিজেপিক ত কটাক্ষ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংগঠনটোক নিজৰ নাম সলনি কৰি ‘ইস্তিফা জনতা পাৰ্টি’ ৰাখিবলৈ পৰামৰ্শ দিয়ে।

গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত বক্তব্য ৰাখি ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া আঠাৱালে-ৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী আঠাৱালেয়ে কয় যে চিজেপিয়ে প্ৰায়ে বিভিন্ন দায়িত্বশীল ব্যক্তিৰ পদত্যাগৰ দাবী তুলি আহিছে। ইয়াৰ পূৰ্বে নীট প্ৰশ্নকাকত ফাদিল প্ৰসংগতো সংগঠনটোৱে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছিল। আঠাৱালেয়ে কয়— “চিজেপিয়ে কেৱল মানুহৰ পদত্যাগহে বিচাৰি থাকে। তেওঁলোকে নিজৰ দলৰ নাম সলনি কৰি ‘ইস্তিফা জনতা পাৰ্টি’ ৰখা উচিত।”

উল্লেখ্য যে, নিৰ্বাচন আয়োগৰ কাৰ্যপদ্ধতি আৰু ভোটাৰ তালিকাৰ ‘বিশেষ নিৰবিচ্ছিন্ন সংশোধন’ (SIR) প্ৰক্ৰিয়াক লৈ উত্থাপিত অনিয়মৰ অভিযোগত চিজেপিয়ে সম্প্ৰতি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনাই আহিছে। দাবী পূৰণ নহ’লে আগামী ২ অক্টোবৰৰ পৰা দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ দিছে সংগঠনটোৱে।

চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকৰ প্ৰসংগ উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দিপক ৰাজনীতিৰ ক্ষেত্ৰখনত একেবাৰে নতুন। ৰামদাস আঠাৱালেয়ে নিজে দীৰ্ঘদিন ধৰি দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ অধিকাৰৰ বাবে কাম কৰি অহা বুলি উল্লেখ কৰি কয়— “দিপক মহাৰাষ্ট্ৰৰ এজন বৌদ্ধ তথা দলিত সম্প্ৰদায়ৰ লোক। তেওঁ আমেৰিকাত অধ্যয়ন কৰিছিল আৰু ৰাজনীতিৰ পথাৰত তেওঁ এতিয়াও নতুন।”

অসম ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰী আঠাৱালেয়ে ধুবুৰী জিলাৰ চাপৰত নতুনকৈ নিৰ্মিত ‘ড° বাবাচাহেব আম্বেদকাৰ ভৱন’ উদ্বোধন কৰে। ভ্ৰমণসূচীৰ অংশ হিচাপে তেওঁ সংবিধান প্ৰণেতা ড° বি আৰ আম্বেদকাৰৰ মূৰ্তিত পুষ্পাঞ্জলি অপৰ্পণ কৰাৰ লগতে স্থানীয় ৰাইজ আৰু জনপ্ৰতিনিধিসকলৰ সৈতে ভাব-বিনিময় কৰে।

সংবাদমেলত এক ৰাজনৈতিক ভৱিষ্যদ্বাণী কৰি আঠাৱালেয়ে দাবী কৰে যে ২০২৯ চনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই একেৰাহে চতুৰ্থবাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *