September 30, 2026
dipke

নিৰ্বাচন আয়োগৰ কাৰ্যপদ্ধতি আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ উত্থাপিত গুৰুতৰ অভিযোগৰ পিছতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিয়ে অহা ২ অক্টোবৰৰ পৰা দেশজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। আজি গুৱাহাটীত এক সংবাদমেল যোগে চিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাই জনায় যে জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে এক নিৰ্ধাৰিত সময়সীমা বান্ধি দিছিল আৰু এতিয়া কাৰ্যসূচী অধিক তীব্ৰতৰ কৰা হ’ব। ৰাংকাই কয় যে ৪৮ ঘণ্টাৰ বাবে বল জ্ঞানেশ কুমাৰৰ কোৰ্টত আছিল, এতিয়া বল চিজেপিৰ কোৰ্টত। আমি ২ অক্টোবৰৰ পৰা দেশজুৰি প্ৰতিবাদ আৰম্ভ কৰিম আৰু জ্ঞানেশ কুমাৰে পদত্যাগ নকৰালৈকে পিছহুঁহকি নাহোঁ।

পূৰ্বেও চিজেপিয়ে ঘোষণা কৰিছিল যে যদিহে কুমাৰে পদত্যাগ নকৰে, তেন্তে ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা মুম্বাইৰ পৰা এই আন্দোলনৰ সূচনা হ’ব। সংগঠনটোৱে ভোটাৰ তালিকাৰ ‘বিশেষ নিৰবিচ্ছিন্ন সংশোধন’ (SIR) প্ৰক্ৰিয়াক লৈ আপত্তি দৰ্শোৱাৰ লগতে নিৰ্বাচন আয়োগৰ ব্যৱস্থাপনাৰ সংস্কাৰ দাবী কৰিছে। আশুতোষ ৰাংকাই মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে ভোটাৰক বিশ্বাসঘাটকতা কৰাৰ অভিযোগ তুলি কয় যে জ্ঞানেশ কুমাৰে দেশৰ ১৩ কোটি জনগণৰ বিশ্বাস ভঙ্গ কৰিছে। সংবাদমেলত চিজেপিৰ মুখপাত্ৰগৰাকীয়ে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো পোনপটীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তেওঁ অভিযোগ কৰে যে অসমত বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম এনেধৰণে কৰা হৈছিল যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত জয়লাভ কৰিব পাৰে। নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে যে আন দুজন নিৰ্বাচন আয়ুক্ত ক্ৰমে সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে ভোটাৰ তালিকা ব্যৱস্থাপনা আৰু এছআইআৰ প্ৰক্ৰিয়াৰ কেইবাটাও সিদ্ধান্তক লৈ আপত্তি দৰ্শাইছিল। অৱশ্যে নিৰ্বাচন আয়োগে কোনো ধৰণৰ প্ৰতিষ্ঠানিক সংঘাতৰ কথা নাকচ কৰি কয় যে এখন বহুব্যক্তিসম্পন্ন সাংবিধানিক সংস্থাত মতানৈক্য আৰু আভ্যন্তৰীণ নিৰীক্ষণ স্বাভাৱিক প্ৰক্ৰিয়া।

চিজেপিয়ে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ উপৰিও এছআইআৰ প্ৰক্ৰিয়া স্থগিত ৰখা, ২০২৫ চনৰ জানুৱাৰী মাহৰ ভোটাৰ তালিকা পুনৰ বাহাল ৰখা আৰু নিৰ্বাচন আয়োগ সংক্ৰান্তীয় আইন সংশোধনৰ দাবী জনাইছে। ইফালে, ২ অক্টোবৰৰ মুম্বাইৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহ্বানৰ মুখত পৰিছে। ২৭ ছেপ্টেম্বৰত চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে জনায় যে মুম্বাই আৰক্ষীয়ে তেওঁলোকক এই ধৰ্ণাৰ অনুমতি দিয়া নাই। ইয়াৰ পিছতে দিপকে সকীয়াই দিয়ে যে গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰ খৰ্ব কৰিলে সংগঠনটোৱে ‘জেল ভৰো আন্দোলন’ গঢ়ি তুলিব। আনহাতে, গুৱাহাটীত এক আঞ্চলিক বৈঠকৰ পূৰ্বে আশুতোষ ৰাংকাৰ লগতে কেইবাজনো চিজেপি নেতা আৰু স্বেচ্ছাসেৱকক আৰক্ষীয়ে আটক কৰে। পৰৱৰ্তী সময়ত মুকলি লাভ কৰি ৰাংকাই স্পষ্ট কৰি দিয়ে যে এনে অভিজ্ঞতাই তেওঁলোকক ২ অক্টোবৰৰ প্ৰতিবাদী সংকল্পৰ পৰা বিচলিত কৰিব নোৱাৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *